কোকৰাঝাৰ, ৩১ আগষ্ট (হি.স.)। সমাগত বিটিচি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ইউপিপিএল দলত গৃহ কন্দল। প্ৰাৰ্থীত্ব নপোৱাৰ বাবেই দল ত্যাগ ইউপিপিএলৰ দলৰ প্ৰধান প্ৰমোদ বড়োৰ বিশেষ কৰ্তব্যৰত বিষয়া ছাংগ্ৰাং ব্ৰহ্ম।
উল্লেখযোগ্য যে প্ৰমোদ বড়োৰ নেতৃত্বতাধীন ইউপিপিএল দলে দ্বিতীয় পৰ্যায়ৰ প্ৰাৰ্থীত্বৰ তালিকা প্ৰকাশ কৰাৰ পিছতেই প্ৰমোদ বড়োৰ বিশেষ কৰ্তব্যৰত বিষয়া ছাংগ্ৰাং ব্ৰহ্মই তেওঁৰ চিৰাং দুৱাৰ ব্লক ইউপিপিএলৰ সভাপতি সহ কেইবাশ দলীয় কৰ্মী লগত লৈ সমূহীয়া পদত্যাগ কৰাৰ লগতে দলীয় পতাকা জ্বলাই প্ৰমোদ বড়োৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
