বৰপেটা, ১৩ জুলাই (হি.স.)। বৰপেটাৰ চেঙাত সংঘটিত হৈছে এক শোকাবহ ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী মহিলা মৃত্যুমুখত পৰিছে । মৃত মহিলা গৰাকী নিজ চেঙা গাঁৱৰ গোলাপী দাস (৪২) বুলি পৰিচয় পোৱা গৈছে । বিছনাত শুই থকা অৱস্থাত টেবুল ফেনত বিদ্যুৎপৃষ্ট হৈ মহিলা গৰাকীৰ মৃত্যু হয়। ঘটনাতো সংঘটিত হোৱাৰ সময়ত পৰিয়ালৰ কোনো লোক ঘৰত উপস্থিত নাছিল।
ইপিনে বজাৰৰ পৰা ঘৰত উপস্থিত হোৱা মহিলা গৰাকীৰ স্বামীয়ে বিচনাত শুই থকা পত্নীক টোপনিৰ পৰা জগাবলৈ লোৱা অৱস্থাত লোকজনো বিদ্যুৎস্পৃষ্ট হয় । অৱশ্যে লোকজনে সৌভাগ্যক্ৰমে ৰক্ষা পৰে। মহিলা গৰাকীৰ এনে কৰুণ মৃত্যুৰ ঘটনাক লৈ গাঁওখনত শোকৰ ছা পৰিছে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
