কামৰূপ, ০৮ নৱেম্বৰ (হি.স.)। কামৰূপ জিলাৰ বকোৰ বামুণীগাঁৱত এক অঘটন সংঘটিত হৈছে। ৰে’লৰ খুন্দাত এজন লোকৰ মৃত্যু হয় । বামুণীগাঁও ৰে’ল ষ্টেচনৰ সমীপত এই ঘটনা সংঘটিত হৈছিল।
ইফালে মৃত লোকজনৰ এই পৰ্যন্ত পৰিচয় উদ্ধাৰ হোৱা নাই। জিন্স পেন্ট আৰু হালধীয়া ৰঙৰ চাৰ্ট পৰিহিত লোকজন। ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ ৰে’ল আৰক্ষীৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
