নতুন দিল্লী, ১৩ জুলাই (হি.স.)। আজিৰে পৰা তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিংগাপুৰ আৰু চীন ভ্ৰমণ কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে। ড. জয়শংকৰে ২০২০ চনত পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষেৰে দুয়োখন দেশৰ মাজত সামৰিক ষ্টেণ্ডঅ’ৰ সৃষ্টি হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে চীন ভ্ৰমণলৈ ওলাইছে ।
আজিৰে পৰা ছিংগাপুৰ আৰু চীন ভ্ৰমণলৈ ৰাওনা হৈছে ড° এছ জয়শংকৰ। দেওবাৰে ছিংগাপুৰত থকা সমকক্ষৰ সৈতে বৈঠকত জয়শংকৰে দ্বিপাক্ষিক সম্পৰ্ক সন্দৰ্ভত আলোচনা কৰিব। ১৫ জুলাইৰ পৰা চীনত অনুষ্ঠিত হ’বলগীয়া চাংহাই সহযোগিতা সংস্থাৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব তেওঁ। এই বৈঠকত বিভিন্ন ক্ষেত্ৰত সহযোগিতা আৰু ডাঙৰ ডাঙৰ বিশ্ব আৰু আঞ্চলিক বিষয়সমূহৰ ওপৰত আলোচনা কৰা হ’ব।
বেইজিঙত চীনৰ সমকক্ষ ৱাং য়ীৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ জয়শংকৰে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। ইয়াৰ পিছতে ১৪-১৫ জুলাইত অনুষ্ঠিত হ’বলগীয়া এছচিঅ’ৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ তেওঁ টিয়ানজিনলৈ যাব। ভাৰত আৰু পাকিস্তানকে ধৰি ৯টা স্থায়ী সদস্যৰ সৈতে চীন নেতৃত্বাধীন বহুপক্ষীয় গোট হৈছে এছ চি অ’।
চীনৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে এই বৈঠকৰ সময়ত ভাৰত আৰু চীনৰ বৈদেশিক মন্ত্ৰীসকলে দ্বিপাক্ষিক সম্পৰ্ক স্বাভাৱিক কৰাৰ প্ৰক্ৰিয়া আৰু অটোম’বাইলকে ধৰি বিভিন্ন সামগ্ৰী নিৰ্মাণৰ বাবে প্ৰয়োজনীয় বিৰল ধাতুৰ বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
