গুৱাহাটী, ২১ জুন (হি.স.)। ২১ জুন, ২০২৫ তাৰিখে উত্তৰ পূব সীমান্ত ৰেলৱেৰ সমগ্ৰতে আন্তৰ্জাতিক যোগ দিবস (আইডিৱাই-২০২৫) সু-স্বাস্থ্যৰ এটি বিশ্বজনীন উদযাপন হিচাপে উদযাপন কৰা হয়। এই উপলক্ষ্যে মুখ্য কাৰ্যালয়, সমগ্ৰ মণ্ডল আৰু ৱৰ্কশ্বপসমূহত মানৱ জীৱনৰ ওপৰত যোগৰ প্ৰভাৱ আৰু ইয়াৰ ফলাফলসমূহৰ গুৰুত্ব সম্পৰ্কে সাধাৰণ ৰাইজৰ মাজত সজাগতা প্ৰচাৰৰ অৰ্থে যোগাভ্যাস আয়োজন কৰা হয়।
আন্তৰ্জাতিক যোগ দিৱসৰ বাবে ২০২৫ ৰ থীম, “এক পৃথিৱী এক স্বাস্থ্যৰ বাবে যোগ,” এ ইয়াৰ ৰূপান্তৰকাৰী শক্তিৰ জৰিয়তে বিশ্বজনীন সু-স্বাস্থ্যৰ এক একীকৃত দৃষ্টিভঙ্গীকেই প্ৰতিফলিত কৰে। ই কেৱল শাৰীৰিক স্বাস্থ্য আৰু মানসিক শান্তিৰ বাবে যোগৰ বিস্তৃত উপকাৰসমূহকে প্ৰতিফলিত নকৰে আনহাতে আৱেগিক সহনশীলতা আৰু পাৰিপাৰ্শ্বিক যত্নৰ বাবেও ইয়াৰ গুৰুত্বক অৱলোকন কৰে। এই থীমটোৱে ব্যক্তি আৰু সামূহিক মিলনৰ গুৰুত্বক অধিক শক্তিশালী কৰাৰ লগতে স্থায়িত্ব, একতা আৰু এক সামগ্ৰিক জীৱন যাপনৰ দিশতো বিশ্বজনীন প্ৰয়াসক সংৰেখিত কৰে। আইডিৱাই-২০২৫ ৰ উদযাপনে এক বিশেষ তাৎপৰ্য বহন কৰিছে যিহেতু ই এই বিশ্বব্যাপী বিপ্লৱৰ ১১ তম বাৰ্ষিকী উদযাপন কৰিছে, যি যোগৰ দীৰ্ঘকালীন আৰু অন্তৰ্ভূক্তিমূলক অভ্যাসৰ জৰিয়তে এক অধিক সু-স্বাস্থ্যসন্মত, অধিক ভাৰসাম্যতাৰ জীৱনশৈলীৰ প্ৰতি সমৰ্পিত।
উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ত আন্তৰ্জাতিক যোগ দিৱসৰ কাৰ্যসূচী মালিগাঁওস্থিত ৰেলৱে ইনডোৰ ষ্টেডিয়ামত “এক পৃথিৱী এক স্বাস্থ্যৰ বাবে যোগ,” থীমৰ ওপৰত আয়োজন কৰা হয় আৰু এই উপলক্ষ্যে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক শ্ৰী চেতন কুমাৰ শ্ৰীবাস্তৱৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত আছিল আৰু ৰেলৱে বিষয়াবৰ্গ আৰু কৰ্মচাৰীসকলে তেখেতসকলৰ পৰিয়ালবৰ্গৰ সৈতে অতি আন্তৰিকতাৰে “যোগাসন”ত অংশগ্ৰহণ কৰে। আনহাতে উত্তৰ পূব সীমান্ত ৰেলৱে (নির্মাণ) কাৰ্যালয়তো আইডিৱাই-২০২৫ অনুষ্ঠান উদযাপন কৰা হয়। এই উপলক্ষ্যে উত্তৰ পূব সীমান্ত ৰেলৱে (নিৰ্মাণ) কাৰ্যালয়ত আয়োজিত অনুষ্ঠানটো উত্তৰ পূব সীমান্ত ৰেলৱে (নিৰ্মাণ)ৰ মহাপ্ৰৱন্ধক শ্ৰী অৰুণ কুমাৰ চৌধাৰীয়ে নেতৃত্ব প্ৰদান কৰে। আইডিৱাই-২০২৫ ৰ কাৰ্যসূচী উত্তৰ পূব সীমান্ত ৰেলৱেৰ সমগ্ৰ পাঁচটা মণ্ডলত হাজাৰ হাজাৰ ৰেলৱে কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ অংশগ্ৰহণেৰে উদযাপন কৰা হয়। এই সমন্বিত উদযাপনে ৰেল কৰ্মচাৰীৰ কল্যাণ আৰু সামগ্ৰিক স্বাস্থ্যৰ দিশত উত্তৰ পূব সীমান্ত ৰেলৱেৰ প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে। ২১ তাৰিখটো হৈছে উত্তৰ গোলাৰ্ধৰ সৰ্বাধিক দীঘল দিন। ই নিজস্বতা আৰু প্ৰাকৃতিক বিশ্বৰ সৈতে গভীৰ সম্পৰ্কৰ বাবে এটা মুহূৰ্তক প্ৰতিনিধিত্ব কৰে। আজিৰ তাৰিখত যোগ দিবসৰ এই উদযাপনে শৰীৰ, মন আৰু প্ৰকৃতিৰ সৈতে মিলিত হোৱাৰ এক আধ্যাত্মিক শক্তিকেই প্ৰতিফলিত কৰিছে।
যোগৰ বাৰ্তা আৰু লাভালাভক আৰু পৰিবৰ্ধন কৰাৰ অৰ্থে উত্তৰ পূব সীমান্ত ৰেলৱেই সাধাৰণ ৰাইজৰ মাজত বিস্তৃত সজাগতা গঢ়ি তোলাৰ অৰ্থে বিভিন্ন সামাজিক মাধ্যমৰ প্লেটফৰ্মসমূহ ব্যৱহাৰ কৰিছে। ডিজিটেল প্ৰচাৰ-মাধ্যমৰ জৰিয়তে, উত্তৰ পূব সীমান্ত ৰেলৱেই দৰ্শকসকলক সফলতাৰে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে যাৰ দ্বাৰা এক স্বাস্থ্যসন্মত আৰু অধিক সমন্বিত এক জীৱনৰ বাবে দৈনিক জীৱন চৰ্যাত যোগৰ অন্তৰ্ভুক্তিকৰণৰ গুৰুত্বক পুনৰ শক্তিশালী কৰি তুলিছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী
