কোকৰাঝাৰ, ২৬ নৱেম্বৰ (হি.স.)। বিটিচি এলেকাত মেলাৰ নামত মদ জুৱাৰ প্ৰচলণ বন্ধৰ দাৱী ইউপিপিএল যুব গোটৰ।
বিটিচি এলেকাত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন পৰিষদীয় চৰকাৰ গঠনৰ পাছত সমাজখনত মদ,জুৱা আৰু অবাধ গতিত মেলাৰ নামত চলা অৰাজকতা পৰিবেশৰ বন্ধ কৰাৰ দাৱীত আজি জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদাণ কৰে ইউপি পি এলৰ যুৱ গোটৰ।
স্মাৰক পত্ৰখনত ইউপিপিএলৰ যুৱ গোটৰ সভাপতি ইৰাৰদাও ব্ৰহ্মই শেহতীয়াকৈ সমাজখনত মেলাৰ নামত চলা অবাধ জুৱাই নতুন প্ৰজন্মক ধ্বংসমূখী কৰি তোলা বুলি উদ্বেগ ব্যক্ত কৰি অচিৰে প্ৰশাসনক বন্ধ কৰাৰ দাৱী উত্থাপৰ্ণ কৰে ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
