নগাঁও, ০২ ফেব্ৰুৱাৰী : নগাঁও জিলা প্ৰাথমিক শিক্ষা বিভাগৰ কাৰ্য্যালয়ত বিদ্যুৎ সংযোগ কৰ্তন। জানিব পৰা অনুসৰি বকেয়া বিল পৰিশোধ নকৰাৰ বাবেই বিদ্যুৎ বিভাগে কৰ্তন কৰিলে বিদ্যুৎৰ সংযোগ। জানিব পৰা মতে ৭৫ হাজাৰ বকেয়া ধন পৰিশোধ কৰিবলৈ বাকী আছে শিক্ষা বিভাগৰ কাৰ্যালয়টোৱে।
ফলত যথেষ্ট অসুবিধাত কৰ্মচাৰী সকলে কাৰ্যালয়ৰ কাম কাজ কৰিবলগীয়া হৈছে। উল্লেখ্য যে এই কাৰ্যালয়ৰ সৈতে অসম সৰ্বশিক্ষাৰ জিলা সমন্বয়কৰ কাৰ্যালয়ো সংলগ্ন হৈ আছে বাবে উক্ত কাৰ্যালয়টোতো কৰ্মচাৰী কাম-কাজ কৰিবলৈ অসুবিধাত পৰিছে।
