গুৱাহাটী, ২৫ জুলাই (হি.স.): গুৱাহাটী মহানগৰীৰ ছুপাৰ মাৰ্কেটৰ সমীপত যোৱাকালি বৃহস্পতিবাৰে নিশা চুৰিকাঘাটৰ ঘটনা সংঘটিত হয় । পাৰিবাৰিক সংঘাতে লয় ভয়ংকৰ ৰূপ। দেগাৰৰ আক্ৰমণত আহত হয় তিনিগৰাকী লোক। ইয়াৰে নচিব আলি নামৰ এজন ব্যক্তি গুৰুত্বৰ ভাবে আহত হয় । তেওঁৰ এখন ভৰি ভঙাৰ লগতে হাতত গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয় । সম্প্ৰতি এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
অভিযোগ অনুসৰি আব্দুল হাফিজে প্ৰায়ে অত্যাচাৰ কৰে তেওঁৰ পত্নী সুমিতা বেগমক। নিশাও পত্নীক গুৰুতৰ ভাৱে প্ৰহাৰ কৰে পত্নীক। ৬বছৰৰ আগত বিবাহ পাশত আবদ্ধ হৈছিল দুয়ো। দম্পত্তিহালৰ আছে দুটাকৈ কন্যা সন্তান। ইফালে বৃহস্পতিবাৰে দুয়োৰে মাজত সৃষ্টি হৈছিল কাজিয়াৰ। তেনেস্থলত ঘটনা স্থলীত উপস্থিত হয় পত্নী সুমিতা বেগমৰ পৰিয়ালৰ লোক । সেই একে সময়ত আব্দুল হাফিজ আৰু তেওঁৰ ৩০/৪০ বন্ধুৰ সৈতে মিলি মাৰধৰ কৰাৰ অভিযোগ উঠিছে । পৰবৰ্তী সময়ত বন্ধুৰ সৈতে মিলি সুমিতা বেগমৰ পৰিয়ালৰ লোকক প্ৰহাৰ কৰাৰ লগতে দেগাৰে আক্ৰমণ কৰাৰ অভিযোগ উঠিছে ।
উল্লেখ্য যে সচিবালয়ৰ চৰকাৰী আৱাস গৃহটোত আব্দুল হাফিজে দীৰ্ঘ দিন ধৰি বসবাস কৰি আছিল। আব্দুল হাফিজ এগৰাকী সচিবালয়ৰ বিষয়াৰ গাড়ী চালক ৰূপে কৰ্মৰত হৈ আহিছে। ঘটনা স্থলীত উপস্থিত হয় দিছপুৰ আৰক্ষী। সুমিতা বেগমৰ পৰিয়ালক আক্ৰমন কৰি পলায়ন কৰে । আব্দুল হাফিজৰ ঘৰ হাজোত আৰু সুমিতা বেগমৰ ঘৰ বাইহাটা চাৰিআলিত বুলি জানিব পৰা গৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
