ৰাঁচী, ০২ ফেব্ৰুৱাৰী : আজি (শুকুৰবাৰে) ঝাৰখণ্ড মুক্তি মৰ্চাৰ বিধায়িনী দলৰ নেতা চম্পাই ছ’ৰেনে দ্বাদশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। ঝাৰখণ্ডৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে বৃহস্পতিবাৰে নিশা চম্পাইক মুখ্যমন্ত্ৰীৰ পদৰ বাবে মনোনীত কৰি শপত গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছিল।
ৰাজ্যপাল ৰাধাকৃষ্ণনৰ আহ্বানত বৃহস্পতিবাৰে নিশা প্ৰায় ১১ বজাত ৰাজভৱনত উপস্থিত হয়। চম্পাইৰ লগতে কংগ্ৰেছৰ বিধায়ক আলমগীৰ আলমও উপস্থিত থাকে। চম্পাই ছ’ৰেনৰ লগতে আলমগীৰ আলম আৰু আৰজেডিৰ সত্যানন্দ ভোকতাইও শপত গ্ৰহণ কৰিব।
পুৱা শিবু ছ’ৰেনক সাক্ষাৎ কৰিবলৈ উপস্থিত হয় গ্ৰেণ্ড এলায়েন্স বিধায়িনী দলৰ নেতা চম্পাই। শপত লোৱাৰ আগতে গুৰুজী আৰু মাতাজীৰ আশীৰ্বাদ বিচাৰি গৈছিল বুলি ক’লে। তেওঁ শিবু ছ’ৰেন আৰু ৰূপী ছ’ৰেন দুয়োকে নিজৰ আদৰ্শ বুলি অভিহিত কৰিছিল। শিবু ছ’ৰেনৰ সৈতে তেওঁ ঝাৰখণ্ড আন্দোলনত যোগদান কৰা বুলি কয়। তেওঁ আমাৰ গুৰু। সেয়ে তেওঁ দিশোম গুৰুৰ আশীৰ্বাদ বিচাৰি গ’ল। কেতিয়া সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব বুলি সোধাত তেওঁ কয় যে, “অতি সোনকালে”।
এতিয়ালৈকে মুখ্যমন্ত্ৰী
-সংহত বিহাৰৰ পৰা বিচ্ছিন্ন হৈ ঝাৰখণ্ডৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ গৌৰৱ বাবুলাল মাৰাণ্ডীৰ। ঝাৰখণ্ড আন্দোলনৰ সৈতে জড়িত শিবু ছ’ৰেনে তিনিবাৰকৈ মুখ্যমন্ত্ৰী হৈছিল। বিজেপিৰ জনজাতীয় মুখ হিচাপে পৰিচিত অৰ্জুন মুণ্ডা তিনিবাৰকৈ মুখ্যমন্ত্ৰী হৈছিল। ৰাজ্যৰ নিৰ্দলীয় বিধায়ক মধু কোদাইও মুখ্যমন্ত্ৰী হোৱাৰ সৌভাগ্য লাভ কৰে। কেৱল ৰঘুৱৰ দাসে মুখ্যমন্ত্ৰীৰ কাৰ্যকাল সম্পূৰ্ণ কৰিছে। ২০১৯ চনৰ ২৯ ডিচেম্বৰত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল হেমন্ত ছ’ৰেনে। চাৰি বছৰ এমাহ এই পদত অধিষ্ঠিত আছিল।
