• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰসহ বিভিন্ন নামঘৰ আৰু মন্দিৰত দৌলোৎসৱৰ আয়োজন
Regional

উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰসহ বিভিন্ন নামঘৰ আৰু মন্দিৰত দৌলোৎসৱৰ আয়োজন

CliQ INDIA
Last updated: March 24, 2024 12:24 pm
CliQ INDIA
Share
7 Min Read
SHARE

গুৱাহাটী:  উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰৰ লগতে উত্তৰ গুৱাহাটীৰ বিভিন্ন নামঘৰ আৰু মন্দিৰত দৌলোৎসৱৰ আয়োজন কৰা হৈছে। আগন্তুক দৌল উৎসৱক লৈ সমগ্ৰ উত্তৰ গুৱাহাটীত এক উখল মাখল পৰিবেশে বিৰাজ কৰিছে।

উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰ, উত্তৰ গুৱাহাটীৰ বিভিন্ন নামঘৰ, মন্দিৰ, শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয় দৌলোৎসৱ উপলক্ষ্যে ইতিমধ্যে পৰিস্কাৰ পৰিচ্ছন্ন কৰি ৰং দি সজাই পৰাই তোলা লৈছে। পূৰ্বাপৰ ৰীতি-নীতি অনুসৰি উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰত অহা ২৪ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ পাঁচদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হৈছে। দৌল উৎসৱ উপলক্ষ্যে মন্দিৰৰ প্ৰাঙ্গণত ৰভা দি সজাই পৰাই তোলা লৈছে। দৌল উৎসৱলৈ অহা প্ৰতি জন ভক্তক মন্দিৰ দৰ্শন কৰাৰ বাবে স্বেচ্ছাসেৱক নিয়োগৰ ব্যৱস্থা কৰিছে। ভক্ত সকলৰ নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰাৰ বাবে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ ব্যৱস্থা ৰাখিছে মন্দিৰ পৰিচালনা সমিতিয়ে।

ভক্ত সকলৰ বাবে মাহ প্ৰসাদ,ভোগৰ লগতে চাহ আৰু দুপৰীয়া ভোজনৰ ব্যৱস্থা ৰাখিছে মন্দিৰ কৰ্তৃপক্ষই। শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ৰাতুল বৰুৱা, কাৰ্য্যকৰী সভাপতি অচ্যুত দাস আৰু প্ৰধান সম্পাদক (প্ৰশাসন) ড০ দিপক বৰুৱাই জানিবলৈ দিয়া অনুসৰি ২৪ মাৰ্চৰ সন্ধিয়া মেষ দাহ পৰ্বৰে আৰম্ভ হ’ব পাঁচদিনীয়া দৌল উৎসৱৰ। কাৰ্য্যসূচী অনুসৰি ২৫ মাৰ্চৰ পুৱা ৬-৩০ বজাত মহাপ্ৰভুৰ স্নান। পুৱা ৭ বজাত মহাপূজা আৰম্ভ। ভাগৱত আৰু কীৰ্তন পাঠৰ লগতে আয়তী সকলৰ নাম। পুৱা ১০ বজাৰ পৰা আমন্ত্ৰিত নাগাৰা নামৰ শিল্পী হেমন্ত কলিতা (পলাশবাৰী)আৰু মুকুল চক্ৰৱৰ্তী ( নলবাৰী,ভেল্লা) ৰ নাগাৰা নাম। দূপৰীয়া ধৰ্মীয় পৰম্পৰাৰে ফাকু দিয়া পৰ্ব। নিশা ৯ বজাত অনুষ্ঠিত হ’ব সাংস্কৃতিক সন্ধিয়া। প্ৰত্যেক দিনা মহাপ্ৰভুৰ নিত্য স্নান, ভাগৱত আৰু কীৰ্তন পাঠৰ লগতে আয়তী সকলৰ নাম লগতে ২৬ মাৰ্চৰ পুৱা ১০ বজাৰ পৰা আমন্ত্ৰিত শিল্পী বলিন কলিতা আৰু বলোৰাম ডেকা আৰু সঙ্গীসকলৰ নাগাৰা নাম। সন্ধিয়া ৮ বজাৰ পৰা অনুষ্ঠিত হ’ব সাংস্কৃতিক সন্ধিয়া।

ইফালে ২৭ মৰ্চাৰ পুৱা ১০ বজাৰ পৰা আমন্ত্ৰিত শিল্পী বলেন শইকীয়া আৰু ৰামচৰণ ভড়ালীৰ নাগাৰা নামৰ অনুষ্ঠান। সন্ধিয়া ৮ বজাত সাংস্কৃতিক অনুষ্ঠান আৰু ভাওনা প্ৰদৰ্শন। ২৮ মাৰ্চৰ সামৰণি দিনা দিনৰ ২-৩০ বজাত মহাপ্ৰভুৰ বিগ্ৰহ লৈ ধৰ্মীয় শোভাযাত্ৰা বাহিৰ কৰা হ’ব। সন্ধিয়া ৬-৩০ বজাত আতচবাজী প্ৰদৰ্শন। নিশা ৯-৩০ বজাত যাত্ৰাভিনয়ৰ পিছতে অন্ত পৰিব পাঁচদিনীয়া দৌল উৎসৱৰ।

ইফালে শ্ৰী শ্ৰী দিহিংসত্ৰ বৰজনা নামঘৰত (শ্যামৰায়) অহা ২৪ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে । নামঘৰ পৰিচালনা সমিতিৰ সভাপতি বিপুল হাজৰিকা আৰু সম্পাদক নৃপেন ডেকাই( দিপমণি) সদৰি কৰা অনুসৰি ২৪ মাৰ্চৰ সন্ধিয়া মহাপ্ৰভুৰ বিগ্ৰহ ব্ৰহ্মপুত্ৰ পাৰলৈ নি মেষ দাহ কৰা হ’ব। ২৫ মাৰ্চৰ পুৱা ১০ বজাত মহাপ্ৰভুৰ স্নান কায্য সমাপনৰ অন্তত আৰম্ভ হ’ব মহাপূজা। দূপৰীয়া ধৰ্মীয় পৰম্পৰাৰে মহাপ্ৰভুৰ ফাকু দিয়া পৰ্ব। ভকত সকলৰ নাম কীৰ্তন আৰু আয়তী সকলৰ দিহানাম। পূজা সমাপনৰ অন্তত প্ৰসাদ বিতৰণ। সন্ধিয়া ভকত সকলৰ নাম কীৰ্তন। সামৰণি দিনা পুৱা মহাপ্ৰভুৰ স্নান পৰ্ব অনুষ্ঠিত হ’ব। মহাপ্ৰভুলৈ পূজা অৰ্চনা অন্তত বিয়লি ৩বজাত মহাপ্ৰভুৰ বিগ্ৰহ লৈ ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হ’ব। ধৰ্মীয় শোভাযাত্ৰাৰ পিছতে অন্ত পৰিব দৌল উৎসৱৰ।

আনহাতে উত্তৰ গুৱাহাটী দিহিংসত্ৰ সৰুজনা সত্ৰতো (গোলোক নাথ) অহা ২৪ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈ সাতদিনীয়া কাৰ্য্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হৈছে। দৌল উৎসৱ উদযাপন সমিতিৰ সভাপতি উজ্জ্বলেন্দু গোস্বামী সম্পাদক দ্বয় ৰাহুল কলিতা আৰু দিপজ্যোতি দাসে সদৰি কৰা অনুসৰি ২৪ মাৰ্চৰ সন্ধিয়া মেষ দাহ পৰ্বৰে আৰম্ভ হ’ব সাতদিনীয়া দৌল উৎসৱৰ। পূজাৰ প্ৰতিদিনে মহাপ্ৰভুৰ নিত্য স্নান আৰু পূজা অৰ্চনাৰ লগতে ভকত সকলৰ নাম কীৰ্তন আৰু ভাগৱত পাঠৰ লগতে আয়তী সকলে পৰিবেশন কৰিব দিহানাম। ২৮ মাৰ্চৰ দিনা কৈলাশ তালুকদাৰ আৰু বৈজয়ন্তী নাথ তালুকদাৰৰ নাগাৰা নাম। ৩০ মাৰ্চৰ সামৰণিৰ মহাপ্ৰভুৰ যথাবিহিত পূজাৰ অন্তত বিয়লি ২-৩০ বজাত ধৰ্মীয় শোভাযাত্ৰাৰে মহাপ্ৰভুৰ নগৰ পৰিভ্ৰমণ। মহাপ্ৰভুৰ নগৰ পৰিভ্ৰমণৰ পিছত পুনৰ সত্ৰত প্ৰৱেশ আৰু তাৰ লগে লগে অন্ত পৰিব সাতদিনীয়া দৌল উৎসৱৰ।

ইফালে উত্তৰ গুৱাহাটী শিলসাঁকো গোপীনাথ মন্দিৰ দৌল উৎসৱ সমিতিৰ উদ্যোগত অহা ২৪ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ তিনিদিনীয়াকৈ দৌল উৎসৱৰ আয়োজন কৰা হৈছে। দৌল উৎসৱ উদযাপন সমিতিয়ে জানিবলৈ দিয়া অনুসৰি ২৪ মাৰ্চৰ সন্ধিয়া মন্দিৰ প্ৰাঙ্গণত বন্তি প্ৰজ্বলন কৰা হ’ব আৰু ইয়াৰ পিছতে আয়তী সকলে দিহানাম পৰিবেশন কৰিব। ইয়াৰ পিছতে মহাপ্ৰভুৰ বিগ্ৰহ ব্ৰহ্মপুত্ৰ পাৰলৈ নি মেষদাহ কৰা হ’ব। ২৫ মাৰ্চৰ পুৱা ৯ বজাত আয়তী সকলৰ পানীতোলা পৰ্বৰ পিছতে আৰম্ভ হ’ব মহাপূজাৰ। দূপৰীয়া ধৰ্মীয় পৰম্পৰাৰে মহাপ্ৰভুৰ ফাকু দিয়া পৰ্ব। পূজাৰ অন্তত প্ৰসাদ বিতৰণ। ২৬ মাৰ্চৰ মহাপ্ৰভুৰ যথাবিহিত পূজাৰ অন্তত বিয়লি মহাপ্ৰভুৰ বিগ্ৰহ লৈ ধৰ্মীয় শোভাযাত্ৰা। ধৰ্মীয় শোভাযাত্ৰাৰে অন্ত পৰিব তিনিদিনীয়া দৌল উৎসৱৰ।

আনহাতে উত্তৰ গুৱাহাটী বিহলঙনী দৌল উৎসৱ উদযাপন সমিতিৰ উদ্যোগত বিহলঙনী বৰ নামঘৰত ৭৭ সংখ্যক দৌল উৎসৱটি বিস্তৃত কাৰ্য্যসূচীৰে উদযাপন কৰাৰ বাবে প্ৰস্তুতি হাতত লৈছে। অহা ২৪ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈ চাৰিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিতব্য কাৰ্য্যসূচী ২৪ মাৰ্চৰ সন্ধিয়া ৬-৩০ বজাত মেষ দাহ পৰ্বৰে আৰম্ভ হ’ব। প্ৰথম দিনৰ মেষ দাহ পৰ্বৰ পিছতে মহিলা সকলে প্ৰজ্বলন কৰিব ১০০৮ গছি বন্তি। নিশা ৮ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক সন্ধিয়াত শিৱসাগৰৰ কমলা (জয়ন্ত) গগৈ আৰু গুৱাহাটীৰ ৰূদ্ৰম ডান্স একাডেমীৰ সাংস্কৃতিক অনুষ্ঠান। কাৰ্য্যসূচী অনুসৰি ২৫ মাৰ্চৰ পুৱা ৪ বজাত পানী তোলা পৰ্ব। পুৱা ১০ বজাৰ পৰা মহাপূজা আৰম্ভ। ১১ বজাৰ পৰা আমন্ত্ৰিত শিল্পী সকল ক্ৰমে বিনয় ৰাজকুমাৰ (ৰঙিয়া) আৰু উৎপল হালৈ(মুকালমুৱা)ৰ নাগাৰা নাম। সন্ধিয়া ৬-৩০ বজাত মহিলা সকলৰ দ্বাৰা ১০০৮ গছি বন্তি প্ৰজ্বলন। সন্ধিয়া ৭-৩০ বজাত বিহলঙনী বৰ নামঘৰৰ শিল্পী সকলৰ দ্বাৰা প্ৰদৰ্শিত হ’ব কেশী মৰ্দন পুৰুৰবা উপাখ্যান ভাওনা। ২৬ মাৰ্চৰ পুৱা ১০ বজাত ঘট্ বিসৰ্জন। দিনৰ ১১ বজাত ফাকু খেলা পৰ্ব। দিনৰ ১ বজাত মহাপ্ৰভূৰ বিগ্ৰহ লৈ নগৰ পৰিভ্ৰমণ। বিয়লি ৫ বজাত মহাপ্ৰভু গোৱিন্দৰ পুণৰ আগমন আৰু মণিকূটত আৰোহণ। সন্ধিয়া ৭ বজাত মহিলা সকলৰ দ্বাৰা ১০০৮ গছি বন্তি প্ৰজ্বলন আৰু আৰতি। ইয়াৰ পাছতে আতচবাজী প্ৰদৰ্শন। সন্ধিয়া ৭-৪৫ বজাত অনুষ্ঠিত হবলগীয়া সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় কণ্ঠশিল্পী প্ৰণিতা বৈশ্য মেধী আৰু বন্দনা ডান্স একাডেমী (ছিপাঝাৰ)ৰ শিল্পী সকলে তেওঁলোকৰ অনুষ্ঠান পৰিবেশন কৰিব। আনহাতে ২৭ মাৰ্চৰ সামৰণি দিনা সন্ধিয়া ৭ বজাত ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ নাট প্ৰদৰ্শন। দৌল উৎসৱ উদযাপন সমিতিৰ সভাপতি মুকুল চমুৱা,কাৰ্য্যকৰী সভাপতি শৈলেন তামুলী আৰু প্ৰধান সম্পাদক শ্যামল চমুৱাই সমূহ ভক্তপ্ৰাণ ৰাইজক দৌল উৎসৱৰ চাৰিওটা দিনতে উপস্থিত থাকি দৌল উৎসৱটি সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনাইছে।

You Might Also Like

ওদালগুৰিৰ ভূটীয়াচাঙত বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত এজন কিশোৰ
কোকৰাঝাৰ জয়দেৱ কোচৰ বিশেষ আদালতৰ ৰায়দান
১৭ ছেপ্টেম্বৰৰ প্রধানমন্ত্ৰী মোদীৰ জন্মদিনৰ পৰা অৰুণোদয় ৩.০ আৰম্ভ হ’বঃ মুখ্যমন্ত্ৰী
লক্ষিমপুৰত নকল সোণৰ বেপাৰী পিতা-পুত্ৰ গ্ৰেপ্তাৰ
আন্তঃৰাষ্ট্ৰীয় যোগাসন চেম্পিয়নশ্বিপত জিলিকিল নাজিৰা বালিঘাটৰ নিৰাময় যোগ কেন্দ্ৰৰ পাঁচগৰাকীকৈ খেলুৱৈ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ৰাজস্থানঃ ৰাসায়নিক কাৰখানাত অগ্নিকাণ্ডত ৬ জন শ্ৰমিক জীৱন্তে অগ্নিদগ্ধ
Next Article ইণ্টাৰপ’লৰ সহায়ত চিবিআইয়ে ভাৰতলৈ আনিলে দুজন ৱাণ্টেড পলাতকক
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?