নতুন দিল্লী: শেহতীয়াকৈ বৃহৎ সফলতা লাভ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই। ৰেড কৰ্ণাৰ নোটিচ থকা দুই ৱাণ্টেড অপৰাধীক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা হয়। ইয়াৰে প্ৰথমে পিৰু মহম্মদ ইয়াহ্যা খানক ডুবাইৰ পৰা গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে মুম্বাইৰ বিখ্যাত অপৰাধী সুভাষ পূজাৰীক চীনৰ পৰা গ্ৰেপ্তাৰ কৰি ভাৰতলৈ অনা হয়।
চিবিআইৰ তথ্য অনুসৰি, পিৰু মহম্মদ ইয়াহ্যা খানক ২০০৮ চনৰ পৰা কেৰালাৰ কোট্টাইম জিলাৰ পালা আৰক্ষী থানাত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ অত্যাচাৰ প্ৰতিৰোধ আইনৰ অধীনত অপৰাধ আৰু ধৰ্ষণৰ অভিযোগত বিচাৰি আছিল। আৰক্ষীয়ে অবিৰতভাৱে তেওঁক বিচাৰি ফুৰিছিল। ইউ এ ইত তেওঁৰ উপস্থিতিৰ বিষয়ে কঠিন তথ্যৰ পিছত তেওঁক ইন্টাৰপল, চিবিআইৰ গ্ল’বেল অপাৰেচন চেণ্টাৰ, এনচিবি – আবুধাবিৰ জৰিয়তে নিৰীক্ষণ আৰম্ভ কৰা হয়। আটক কৰাৰ পিছত তেওঁক কেৰালা আৰক্ষীয়ে চিনাক্ত কৰি আবুধাবিত থকা ভাৰতীয় দূতাবাস আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সমন্বয়ত ভাৰতলৈ অনা হয়।
একেদৰে মুম্বাই আৰক্ষীয়ে মুম্বাইৰ বিখ্যাত শ্বুটাৰ সুভাষ বিত্তল পূজাৰীক বিচাৰি আছিল। মুম্বাই আৰক্ষীৰ অনুৰোধত চিবিআইয়ে পূজাৰীৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ নোটিচ জাৰি কৰিছিল। পূজাৰীৰ বিৰুদ্ধে হত্যা, হত্যাৰ চেষ্টা, ধন দাবী, অপৰাধমূলক ভাবুকি, অস্ত্ৰ আইন উলংঘাৰ অভিযোগ উত্থাপন হোৱাৰ লগতে এমচিঅ’চিএৰ অধীনতো গোচৰ ৰুজু কৰা হৈছে। পূজাৰীৰ বিৰুদ্ধে এখন ৰেড কৰ্ণাৰ নটিচ ইন্টাৰপলৰ সকলো সদস্য দেশলৈ প্ৰচাৰ কৰা হৈছিল। চিবিআইৰ গ্ল’বেল অপাৰেচন চেণ্টাৰে তেওঁক চীনলৈ বিচাৰি উলিয়াইছিল। ইণ্টাৰপ’লৰ সহায়ত তেওঁক আটক কৰি জিম্মাত ৰখা হৈছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সহায়ত মুম্বাই আৰক্ষীৰ দলে তেওঁক চীনৰ পৰা ভাৰতলৈ লৈ আহে।
