ওদালগুৰি, ০৯ জুলাই (হি.স.)। ৰাজ্য়ত অব্য়াহত আছে হাতী আৰু মানুহৰ সংঘাত। বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হৈছে এটি ১৩ বছৰীয়া কিশোৰ। আজি বুধবাৰে বিয়লি এই ঘটনা সংঘটিত হৈছে ওদালগুৰি জিলাৰ ৪ নং ভূটীয়াচাং চাহ বাগিচাত।
ৰফিকুল আলি নামৰ কিশোৰ জনক অতি সংকট জনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। জানিব পৰা মতে কিশোৰ জনে কঁকালত গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হৈছে।
—————
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
