
শিৱসাগৰ, ২৬ নৱেম্বৰ (হি.স.): হাৰিয়ানা কৰ্ণালত ভাৰতৰ যোগ ক্ৰীড়া ফেডাৰেচন (Yoga sports federation of India, affiliated by Asian yoga federation and Sharvaya yoga International) এ অনুষ্ঠিত কৰা ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় যোগাসন চেম্পিয়নশ্বিপত নাজিৰাৰ বালিঘাটস্থিত নিৰাময় যোগ চেন্টাৰৰ পৰা সৰ্বমুঠ পাঁচ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰি জয়ী হৈ অঞ্চল তথা অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়।
এই প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল বালিঘাটৰ নিৰাময় যোগ কেন্দ্ৰই৷ ইৰান, জাপান, ভিয়েটনাম, চীনৰ লগতে বহু কেইখন দেশৰ প্ৰতিযোগীয়ে অংশ লৈছিল এই আন্তঃৰাষ্ট্ৰীয় যোগ প্ৰতিযোগিতাত৷ নিৰাময় যোগ চেন্টাৰৰ যোগ প্ৰশিক্ষিকা বিনীতা ৰাজকুমাৰী গগৈয়ে ৪০ উৰ্ধ্বৰ পৰম্পৰাগত যোগ শাখাত ব্ৰঞ্জ, ৰিডমিক্ পেয়াৰত ৰূপ, আৰ্টিষ্টিক গ্ৰুপত সোণৰ পদক লাভ কৰে। আদিত্য দুৱৰাই ১১বছৰ উৰ্ধ্বৰ পৰম্পৰাগত যোগ শাখাত পঞ্চম, একক আৰ্টিষ্টিক শাখাত পঞ্চম, ৰিডমিক্ যুটীয়া শাখাত ষষ্ঠ স্থান, অৱনীশ গগৈয়ে ৮ বছৰ উৰ্ধ্বৰ পৰম্পৰাগত যোগ শাখাত চতুৰ্থ, একক আৰ্টিষ্টিক শাখাত ব্ৰঞ্জ, যুটীয়া আৰ্টিষ্টিক শাখাত ব্ৰঞ্জ, ৰিডমিক্ যুটীয়া শাখাত চতুৰ্থ, আৰ্টিষ্টিক দলীয় শাখাত ৰূপৰ পদক, ৰুচাঙ্ক কোঁৱৰে ৮বছৰ অনুৰ্ধৰ একক আৰ্টিষ্টিক শাখাত ৰূপ আৰু পৰম্পৰাগত যোগ শাখাত ব্ৰঞ্জ, আৰ্টিষ্টিক যুটীয়া শাখাত ব্ৰঞ্জ, আৰ্টিষ্টিক দলীয় শাখাত ৰূপ, ৰিডমিক্ যুটীয়া শাখাত চতুৰ্থ, ১০ বছৰ অনুৰ্ধ্বৰ অন্তৰা ভূমিজে পৰম্পৰাগত যোগ শাখাত ৰূপৰ একক আৰ্টিষ্টিক শাখাত চতুৰ্থ, যুটীয়া আৰ্টিষ্টিক শাখাত ষষ্ঠ স্থান পাবলৈ সক্ষম হয়৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
