মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ অংশগ্ৰহণ
বাক্সা লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন জিলা সমূহত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠাৰ সময়তেই বাক্সা জিলাতো বিভিন্ন ৰাজনৈতিক দল সমূহে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে। একেদৰে আজি বাক্সা জিলাৰ বৰতাৰীত ইউপিপিএলৰ কৰ্মী সকলৰ মাজত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ১ নং কোকৰাঝাৰ লোকসভা সমষ্টি ৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।
নিৰ্বাচনী প্ৰচাৰ সভাত অংশ কৰি সাংবাদিকেৰে হোৱা সাক্ষাৎকাৰত মন্ত্রী উৰ্খাও গৌৰা ব্ৰহ্মই কয়, এতিয়া মানুহে আবেগত ভোট নেদিয়ে অথবা ঢৌত ভোট নেদিয়ে। মানুহে নিজে নিজে বিচাৰ বিবেচনা কৰি বিবেক ভোটহে প্ৰদান কৰে । আগতে পইচা বিলাই বিলাই ভোট লোৱা সংস্কৃতি লহে লহে কমি গৈছে। ভোটাৰ সকলে দিজে নিজে বিবেচনা কৰিহে নিজৰ ভোটটো সাব্যস্ত কৰে। কংগ্ৰেছ দলৰ ওপৰত সমালোচনা আগবঢ়াই মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কয়, সমগ্ৰ ৰাজ্যতে কংগ্ৰেছ দলৰ কোনো প্ৰাধান্য নোহোৱা হৈ গৈছে। বিপিএফ দলক সমালোচনা কৰি মন্ত্ৰী ব্ৰহ্মই কয়, বিপিএফ দলে বৰ্তমান হাওৱাত গদা ঘূৰাই আছে। সেয়ে সিহঁতে কাৰ বিৰুদ্ধে নিৰ্বাচন খেলিছে কব নোৱাৰা হৈ পৰিছে। সভাত কেবাগৰাকী দলীয় নেতাই অংশগ্ৰহণ কৰে ।
