
দৰং, । আগন্তুক লোকসভা নিৰ্বাচনত দৰঙ-ওদালগুৰি লোকসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়া নিৰ্বিঘ্নে জয়ী হোৱাৰ দাবী কৰা হৈছে। সমষ্টিটোত বিৰোধী ঐক্যৰ উমৈহতীয়া প্ৰাৰ্থীয়েও একো প্ৰভাৱ নেপেলাই। ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোটৰ প্ৰাৰ্থী দিলীপ শইকীয়া হেলাৰঙে জিকিব। আগন্তুক লোকসভা নিৰ্বাচনক লৈ এই মন্তব্য কৰিছে ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে।
বিধায়ক গৰাকীয়ে নিজ সমষ্টিত সাংসদ দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লৈ কয় যে ৰিং ৰোড, মঙ্গলদৈ বাইপাছ, ৰে’ল সংযোগ, নাৰেংগী-কুৰুৱা দলং, এইবোৰ হৈছে ছিপাঝাৰৰ ৰাইজৰ দাবী। গতিকে অনাগত দিনত বিজেপিৰ সাংসদ বহু প্ৰয়োজন থকা বুলি উল্লেখ কৰে।
