কোকৰাঝাৰ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ফকিৰাগ্ৰামৰ সান্দালাৰটাৰী বজাৰ মছজিদ প্ৰাঙ্গণত যোৱাকালি সোমবাৰে সন্ধিয়া ইউপিপিএল দল তথা কৰাইটাৰী ভি চি ডি চিৰ সৌজনাত সমূহীয়া ইফটাৰৰ আয়োজন কৰে।
উক্ত সমুহীয়া ইফটাৰত কোকৰাঝাৰ পূব বিধানসভা সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীৰ , কৰাইটাৰী ভিচিডিচিৰ চেয়াৰমেন মনোৱাৰ হোছেইন,কালঝাৰ ভিচিডিচিৰ চেয়াৰমেন ইলিয়াছ আলি, ফকিৰাগ্ৰাম ব্লক সমিতিৰ সভাপতি ৰুছেন নাৰ্জাৰী , সম্পাদক হজৰত আলি তালুকদাৰ,প্ৰভাষ চন্দ্ৰ ৰায় বিভিন্ন নেতা কৰ্মী সকলৰ আদিকে ধৰি বিভিন্ন বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।
