বৰপেটা, ২৫ অক্টোবৰ (হি.স.)। বহৰিত ৮০ ফুট উচ্চতাৰ ৰাৱণ দাহন কাৰ্যসূচী । কাৰ্যসূচীত দহ সহস্ৰাধিক লোকৰ সমাগম । আজি বিজয়া দশমী ,ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে বৰপেটা জিলাৰ বহৰিত বিজয়া দশমীৰ লগত সংগতি ৰাখি ৰাৱণ দাহন কাৰ্যসূচী ৰূপায়ন কৰা হয়।
বিগত ৭ বছৰ ধৰি বহৰিত চলি আহিছে এই ৰাৱণ দাহন কাৰ্যসূচী,এইবাৰো বহৰিত ৮০ ফুট উচ্চতাৰ ৰাৱণ দাহন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই, হেজাৰ হেজাৰ লোকৰ উপস্থিতিত এই দাহন কাৰ্য সম্পন্ন কৰে প্ৰাক্তন বিধায়ক গৰাকীয়ে। প্ৰায় দহ সহস্ৰাধিক লোকৰ সমাগম হয় বৰপেটা জিলাৰ বহৰি চানভিউ খেলপথাৰত। কালিৰ এই ৰাৱণ দাহন কাৰ্যসূচীত উপস্থিত থাকে কেবাগৰাকীও বিশিষ্ট ব্যক্তি ।ইপিনে দশেৰা উপলক্ষে বিশেষ সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰিত শিল্পীয়ে সংগীত পৰিবেশন কৰে ৷সমাজৰ চলি থকা বিভিন্ন বেয়া দিশ নাশ হওঁক বুলিয়েই এই বিশেষ কাৰ্যসূচী প্ৰতিবছৰে হাতত লৈ অহা বুলি জানিবলৈ দিয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.
