দৰং, ১৬ ফেব্ৰুৱাৰী : ছিপাঝাৰৰ গাঁৱে-ভুঁঞে ট্ৰেক্টৰ,ডাম্পাৰৰ দৌৰাত্ম্যত অতিষ্ঠ জনজীৱন। দিনে-ৰাতিয়ে মাটি কঢ়িওৱা ট্ৰেক্টৰৰ বাবে ধূলিৰে ধুসঁৰিত বায়ুমণ্ডল। বিধস্ত হৈ পৰিছে লোকনিৰ্মাণ বিভাগৰ লগতে অন্য বাট-পথসমূহ। সাধাৰণ লোকৰ বাবে বিপজ্জনক হৈ পৰিছে যাতায়ত।
আনকি বিদ্যালয়লৈ যোৱাত অসুবিধাৰ সন্মুখীন হৈছে ছাত্ৰ-ছাত্ৰী। জনস্বাস্থ্যৰ প্ৰতিও ভাবুকিস্বৰূপ হৈ পৰিছে উক্ত পৰিবেশ।দেখিও নেদেখাৰ ভাও জুৰিছে প্ৰশাসনে।এনে অৱস্থাত স্থানীয় প্ৰশাসনক শীঘ্ৰে হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছে একাংশ লোকে।
