ডিব্ৰুগড়। দুলীয়াজানৰ পিপলতল তিনিআলিত উত্তপ্ত পৰিস্থিতি । ”কা” বাতিলৰ দাবীত তাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ প্ৰতিবাদ । প্ৰধান মন্ত্ৰী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
আনকি পৰিস্থিতি বিষম দেখি প্ৰতিবাদস্থলীত বৃহৎ সংখ্যক আৰক্ষী মোতায়ণ কৰিবলগীয়া পৰিস্থিতি উদ্ভৱ হয়। অতিশীঘ্ৰে ”কা” বাতিল নকৰিলে আটাছুৱে ধাৰাবাহিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও আটাছুৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰূপম গগৈয়ে হুংকাৰ প্ৰদান কৰে।
