বৰপেটা, : বজালীৰ কৰ্দৈগুৰিত শ্ৰীশংকৰ সংঘৰ মহাৰজত জয়ন্তীৰ প্ৰস্তুতি চলিব ধৰিছে । ৩দিনীয়াকৈ অনুষ্ঠিত কৰা হ’ব কাৰ্যসূচী । বিভিন্ন কাৰ্যসূচীৰে জীপাল হব কৰ্দৈগুৰীত শংকৰ সংঘৰ প্ৰাংগন ।
অনুষ্ঠানত উপস্থিত থাকিব অসম চৰকাৰৰ দুগৰাকীকৈ মন্ত্ৰী তথা স্থানীয় বিধায়ক ফনীধৰ তালুকদাৰ । ইয়াৰ বাবে দিনে নিশাই কামত ব্যস্ত হৈ পৰিছে সকলোৱে ।ভাওনা,সদৌ অসম ভিত্তিক কুইজ প্ৰতিযোগিতা, সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতাও থাকিব কাৰ্যসূচীত ।
