তিনিচুকীয়া: তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ সমীপৰ হোলোং গুৰি গাঁৱত যোৱাকালি নিশা নৃশংস হত্যাকাণ্ড সংঘটিত হয়। পিতৃয়ে চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিলে ৪ বছৰীয়া পুত্ৰক । চম্ভু প্ৰজা নামৰ ঘাটক পিতৃয়ে আক্ৰমণ কৰে পত্নীকো । গুৰুতৰভাৱে আহত পত্নীক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে ।
ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হত্যাকাৰী চম্ভু প্ৰজাক গ্ৰেপ্তাৰ কৰিছে । কি কাৰণে এইদৰে পুত্ৰ হত্যাৰ লগতে পত্নীক আক্ৰমণ কৰিলে সেইয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ।
