কামৰূপ,০৪ ফেব্ৰুৱাৰী : ২৫ লাখ ভক্তৰে ৯ ফেব্ৰুৱাৰীৰ পৰা দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হ’ব ৰঙিয়াৰ হাতীখলা পথাৰ। প্ৰায় ১০০০ বিঘা ভূমিক সামৰি শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশনৰ প্রস্তুতি সম্পূর্ণ। ৩০৮ টা চৌকাৰে সাজু ৰান্ধনীশাল, থাকিব ১১০টা শিবিৰ, একেলগে আহাৰ গ্ৰহণ কৰিব ১০ হাজাৰ ভক্তই।
ৰঙিয়াৰ হাতীখলা পথাৰৰ প্রায় সাতশ বিঘা ভূমিক সামৰি অহা ৯ ফেব্রুবাৰীৰ পৰা অনুষ্ঠিত হব শ্রীমন্ত শঙ্কৰদেৱ সংঘৰ ৰঙিয়া অধিৱেশন। ইতিমধ্যে প্রায় ২৫ লাখ ভক্ত-প্রতিনিধিক আদৰিবলৈ সাজু হৈ উঠিছে আয়োজক সমিতি। ২৫ লক্ষাধিক ভক্তৰ সমাগমেৰে ৯ ফেব্রুৱাৰীৰ পৰা ১১ ফেব্রুৱাৰীলে দ্বিতীয় বৈকুন্ঠপুৰীত পৰিণত হব ৰঙিয়াৰ হাতীখলা পথাৰ। ভক্ত-প্রতিনিধি সকলক ৰাখিবলৈ সাজু কৰি তুলিছে মুঠ ১১০ টা শিবিৰ। গঢ়ি তুলিছে বৃহৎ আকাৰৰ ভোজনালয়, য’ত একেলগে আহাৰ গ্ৰহণ কৰিব পাৰিব দহ হাজাৰ ভক্তই। ৰান্ধনীশালত থাকিব ৩০৮ টা চৌকা।
অধিৱেশনৰ দিন চমু চাপি অহাৰ লগে লগে ব্যস্ততা বাঢ়িছে ভকত-বৈষ্ণৱৰ মাজত। ৩৫ খন উপ-সমিতিৰে গঠন কৰি ভাগ কৰি দিয়া হৈছে নিজ নিজ দায়িত্ব। আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে ভোজনালয়ো। ইতিমধ্যে ভোজনালয়ত ৩০৮ টা চৌকা সাজু কৰি তোলা হৈছে। এবাৰতে তিনিশ ৰান্ধনীয়ে প্ৰস্তুত কৰিব পাৰিব অন্ন। তাৰ সমান্তৰালকৈ ভোজনালয়ত একেলগে বহি এবাৰতে দহ হেজাৰ ভকত-বৈষ্ণৱে গ্ৰহণ কৰিব পাৰিব অন্ন। ইতিমধ্যে নামঘৰ, মূল সাংস্কৃতিক মঞ্চ ইত্যাদিৰ নির্মাণ প্রায় সম্পূর্ণ হৈছে। অধিৱেশনৰ দিন যিমানেই ওচৰ চাপি আহিছে সিমানেই ৰঙিয়াৰ মৰাণজানা হাতীখলা পথাৰত বিৰাজ কৰিছে উখল-মাখল পৰিৱেশ। অহা ৯, ১০ আৰু ১১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া অধিবেশনত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া ভকত-বৈষ্ণৱক আদৰিবলৈ সাজু ৰঙিয়াবাসী। দিন-ৰাতি একাকাৰ কৰি এনেদৰে শ্রমদানত নামি পৰিছে সকলো। অসমৰ বিভিন্ন ঠাইৰ পৰা আহিবলগীয়া জিলাসমূহৰ প্রতিনিধি শিবিৰসমূহ শাৰীকৈ নিৰ্মাণ কৰা দৃশ্যৰ বাবে নান্দনিক পৰিৱেশে বিৰাজ কৰিছে।
