নগাঁও, ২৩ অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱৰ দেওবাৰে অষ্টমীৰ নিশা নগাঁৱৰ ৰূপহীহাটত চোৰাং গৰু ভৰ্তি বাহন এখন জব্দ কৰা হয়। গৰুৰ ভৰি বান্ধি চোৰাংকৈ বিহৰা বজাৰৰ পৰা সৰবৰাহ কৰা হৈছিল পশুধনসমূহ ।
আৰক্ষীৰ তালাচীত ৰূপহীহাটৰ ছাইদৰীয়াত ১২ টা গৰুসহ জব্দ কৰে অবৈধভাৱে এএছ ০১ কিউ ৮১৩৮ নম্বৰৰ ব’লেৰু বাহন খন। ইফালে আৰক্ষীক দেখি বাহন খন থৈ পলায়ন কৰে গাড়ী চালকজনে । ছাইদৰীয়াৰ পৰা ৰূপহীহাট আৰক্ষীয়ে জব্দ কৰে গৰু ভৰ্তি বাহনখন । জব্দকৃত গৰুকেইটা গৌশালালৈ প্ৰেৰণ কৰে ৰূপহীহাট আৰক্ষীয়ে ।
