তামুলপুৰ, ২৮ নৱেম্বৰ (হি.স.): তামুলপুৰত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া ট্ৰাইবেল জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনে জোঁৰ সমদল বাহিৰ কৰে। তামুলপুৰত এবছুৰ উদ্যোগত ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ তীব্ৰ বিৰোধিতা জনাই যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া তামুলপুৰৰ ৰাজপথত জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
জোঁৰ সমদলটো তামুলপুৰৰ মটঙাপাৰস্থিত এবছুৰ কাৰ্য্যালয়ৰ পৰা আৰম্ভ হৈ ৰঙিয়া–ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ হৈ ঘগ্ৰাচ’কৰ লোহো ৰাম বড়ো খেলপথাৰত সামৰণি পৰে। এই সমদলত অংশগ্ৰহণ কৰে—CCTOA, নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, নিখিল ৰাভা ছাত্ৰ সন্থা, হাজাং ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা আদি ট্ৰাইবেল সংগঠন সমূহে। প্ৰতিবাদকাৰী সকলে হাতে হাতে জোঁৰ লৈ ছয় জনগোষ্ঠীৰ জনজাতি কৰণ বন্ধ কৰক, অসম চৰকাৰ হায় হায়, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা হায় হায়, মন্ত্ৰী পিষুষ হাজৰিকা হায় হায়, ৰণোজ পেগু হায় হায় আদি শ্লোগানৰে তামুলপুৰৰ আকাশ বতাহ কপাই তোলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
