নগাঁও: নগাঁও জিলাৰ চামগুৰিৰ হাহঁচৰা বৰালী গাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ পথ দূৰ্ঘটনা। আজি ৰাতিপুৱা প্ৰায় ৫:৩০বজাত সংঘটিত হয় এই পথ দুৰ্ঘটনাতো। চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা এখন ট্ৰাকত তীব্ৰ বেগী এএছ ০২ বিচি ৩৭৬৭ নম্বৰৰ মহেন্দ্ৰ মেক্সিমো গাড়ীয়ে তীব্ৰ খুন্দা মাৰে।
এই দুৰ্ঘটনাটোত পাচঁজনলোক গুৰুতৰ ভাৱে আহত হয়। ইয়াৰে দুজন লোকক সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে।আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত আহত সকলক উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ নগাঁৱলৈ প্ৰেৰণ কৰা হয়।
