মণিপুৰত চলি থকা অশান্ত পৰিস্থিতিৰ মাজত নিৰাপত্তা বাহিনীয়ে অবৈধ মাৰণাস্ত্ৰ আৰু উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান জাৰি ৰাখিছে। চুবুৰীয়া ৰাজ্য খনৰ পুৱ ইম্ফল, পশ্চিম ইম্ফল, কাকছিং আৰু জিৰিবাম জিলাত চলোৱা এই অভিযানত আৰক্ষীয়ে বিভিন্ন উগ্ৰপন্থী সংগঠনৰ ছয়জন সদস্যক গ্ৰেপ্তাৰ কৰাৰ লগতে বহু পৰিমাণৰ অবৈধ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিছে।
BulletsIn
-
মণিপুৰত অবৈধ অস্ত্ৰ আৰু উগ্ৰপন্থীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত আছে।
-
অভিযান পুৱ ইম্ফল, পশ্চিম ইম্ফল, কাকছিং আৰু জিৰিবাম জিলাত চলোৱা হয়।
-
এই অভিযানত ছয়জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰা হৈছে।
-
পূৱ ইম্ফল জিলাৰ মংজামৰ পৰা বহল পৰিমাণৰ অবৈধ অস্ত্ৰ আৰু গুলি জব্দ কৰা হৈছে।
-
জব্দ কৰা সামগ্ৰীৰ ভিতৰত আছে ১টা কাৰ্বাইন, ১টা এছএলআৰ ৰাইফল, ৭টা মেগজিন, আৰু ৭৩টা সক্ৰিয় গুলি।
-
পুৱ ইম্ফলৰ ওৱাং খাইৰাপামৰ পৰা প্ৰিপাক সংগঠনৰ নন্দী সিংক গ্ৰেপ্তাৰ কৰা হয়।
-
পশ্চিম ইম্ফল জিলাৰ পৰা কেচিপিৰ মহিলা কেডাৰ টংব্ৰাম ডলি দেবীক গ্ৰেপ্তাৰ কৰা হয়।
-
লাইশ্ৰম নংদাম্বা সিংক কেৱাইকেএল (KYKL) সংগঠনৰ সদস্য হিচাপে চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা হৈছে।
-
জিৰিবাম জিলাত আৰামবাই টেংগ’ল ইউনিটৰ দুজন সদস্য – আৰ কে খমদন ছানা আৰু লৌৰেম্বাম থৈবাকো গ্ৰেপ্তাৰ কৰা হৈছে।
-
কাছাৰৰ বাঘখালৰ লোক আজিমুল হুছেইন লস্কৰৰ অপহৰণ আৰু মাৰপিটৰ ঘটনাত এই দুজন জড়িত বুলি আৰক্ষীয়ে সদৰী কৰিছে।
