হাইলাকান্দি, ১৮ জানুৱাৰী (হি স)। অবৈধ বালি মাফিয়াৰ বিৰুদ্ধে হাইলাকান্দি বন বিভাগৰ অভিযান অব্য়াহত আছে । শেহতীয়া অভিযানত জব্দ কৰা হৈছে দুখন কৈ অবৈধ বালি ভৰ্তি ট্ৰাক।
হাইলাকান্দিৰ বন বিষয়া অখিল দওৰ নেতিত্বত যোৱানিশা অভিযান চলাই হাইলাকান্দিৰ জিলাৰ বাউৰঘাটৰ বাইপাছৰ পৰা বন বিভাগৰ দলে জব্দ কৰে এই দুখন অবৈধ বালি ভৰ্তি ট্ৰাক। নথিপত্ৰ বিহীন এই ট্ৰাক দুই খনে অবৈধ ভাবে বালি সৰবৰাহ কৰিছিল বুলি গম পাই বন বিভাগে দলে জব্দ কৰে এই ট্ৰাক দুখন । জব্দকৃত বালিৰ বজাৰ মূল্য কেইবা হেজাৰ টকা হ’ব বুলি অনুমান কৰিছে বন বিভাগে ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
