
গোলাঘাট, ২৮ ডিছেম্বৰ (হি.স.): গোলাঘাট বেঙেনাখোৱাত বুধবাৰে আবেলি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হয় এজন লোক। লোক জনৰ গাৰ উপৰেৰে ডম্পাৰৰ চকা পাৰ হৈ যোৱাত থিতাতে নিহত হয় ।
প্ৰত্য়ক্ষ দৰ্শীৰ মতামত অনুসৰি অধিক বেগত গাড়ী চলোৱাৰ বাবে সংঘটিত হয় দুৰ্ঘটনাটো। লোক জনক এই পৰ্যন্ত চিনাক্ত কৰিব পৰা হোৱা নাই। হিৰ স্পেলণ্ডাৰ লৈ অহা বাইক আৰোহী জনৰ মটৰ চাইকেল খনৰ নম্বৰ এএছ ০৫ এন ২০০৭ বুলি জানিব পৰা গৈছে। আনফালে ঘটনা সংঘটিত কৰা ডাম্পাৰ খন এএছ ০৫ এচি ৩০১৪ নম্বৰৰ । ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
