ধেমাজি, ৩০, আগষ্ট (হি.স.)। জোনাইত আজি পুৱাই সংঘটিত হল এক শোকাৱহ পথ দুৰ্ঘটনা। জানিব পৰা মতে, মূৰ্কং চেলেক ৰেলৱে ষ্টেচনৰ দিশৰ পৰা ৰাংকপ তিনিআলি দিশে গৈ থকা স্কুটি এটাই হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা সৰু কালভাৰ্টৰ ৰেলিঙত খুন্দিয়াই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।
দুৰ্ঘটনাৰ ফলত এজন কিশোৰ পথত চিটিকি পৰে আৰু আন এজন নালত পৰি যায়। স্থানীয় ৰাইজৰ সহায়ত জোনাই আৰক্ষীয়ে দুয়োকে সংকটজনক অৱস্থাত তৎক্ষণাত চিকিৎসালয়লৈ নিবলৈ সক্ষম হয়। কিন্তু দুর্ভাগ্যবশতঃ এজন কিশোৰৰ মৃত্যু ঘটে।
এই ভয়ংকৰ দুৰ্ঘটনাত নিহত কিশোৰজন জোনাই কমলপুৰৰ ১৬ বছৰীয়া ৰোহিত দত্ত বুলি চিনাক্ত কৰা হৈছে। লগতে গুৰুতৰভাৱে আহত কিশোৰজন দুই নং মূৰ্কং চেলেক ৰিফৌজি কেম্পৰ ১৬ বছৰীয়া আবু আচিম বুলি চিনাক্ত হৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
