দক্ষিণ শালমাৰা মানকাচৰ, ২১ ফেব্ৰুৱাৰী : দক্ষিণ শালমাৰাত মঙলবাৰে আবেলি জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলে। দক্ষিণ শালমাৰা আৰক্ষীৰ অভিযানত আটক হয় ৫ জনকৈ জুৱাৰী।
ধৃত জুৱাৰী কেইজন ক্ৰমে সাহজাহান আলী, আব্দুল ছাত্তাৰ, ছফিকুল হক, জিয়াৰুল হক আৰু আশাদুৰ ৰহমান। আনহাতে একে দিনাই হাটশিঙিমাৰীৰ খাৰুৱাবান্ধা আৰক্ষীৰ অভিযানত আটক ২ জনকৈ জুৱাৰী। হাটশিঙিমাৰীৰ আসামেৰ আলগা গাঁৱৰ পৰা আটক কৰে জুৱাৰী দুজনক। ধৃত জুৱাৰী দুজন ক্ৰমে আপেল সেখ আৰু মনোৱাৰ হুছেইন। সম্প্ৰতি আটাইকেইজন জুৱাৰীক আৰক্ষীয়ে সোধ পোচৰ অন্তত গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে।
