লক্ষিমপুৰ, ৩১ জানুৱাৰী : টাই আহোম সকলৰ পুৰ্বপুৰুষ সকলক পুজা কৰাৰ এক পৰম্পৰাগত মাংগলিক অনুষ্ঠান হৈছে মে-ডাম- মে-ফি। লক্ষিমপুৰৰ হাৰমতীত আজি এদিনীয়াকৈ কেন্দ্ৰীয় মে-ডাম-মে-ফি উদযাপন কৰা হৈছে। টাই -আহোম -যুৱ -ছাত্ৰ পৰিষদৰ হাৰমতী আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় কেন্দ্ৰীয় মে- ডাম -মে -ফি উৎসৱ।
হাৰমতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত উদযাপিত মে-ডাম-মে-ফিৰ লগত সংগতি ৰাখি হাৰমতী নগৰৰ মাজমজিয়াত স্থাপন কৰা লাচিত বৰ ফুকনৰ প্ৰতিমূৰ্তি এটি উন্মোচন কৰা হয়। প্ৰতিমূৰ্তিটো উন্মোচন কৰে উত্তৰ লক্ষিমপুৰ মহাবিদ্যালয়ৰ(স্বায়ত্ব শাসিত) অধ্যক্ষ ড°বিমান চেতিয়াই। মে-ডাম-মে-ফি উপলক্ষে মাঙ্গলিক কাম কাজ, পুজা পাৰ্বন কৰাৰ পিছতে মুল মঞ্চত অনুষ্ঠিত হয় ।
