
গুৱাহাটী, ১১ আগষ্ট (হি.স.) ৰাজ্যৰ বিশিষ্ট নাট্য়কাৰ গীতিকাৰ হেমন্ত দত্তৰ আজি দেহাৱসান ঘটে । জিএমচিএইছত ত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান বিশিষ্ট নাট্যকাৰ গৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ ৮৪ বছৰ বয়স হৈছিল। ১৯৪১ চনৰ ২৪ ছেপ্টেম্বৰত দৰং জিলাৰ খাৰুপেটীয়াত জন্ম লাভ কৰিছিল হেমন্ত দত্তই।
বিশিষ্ট নাট্য়কাৰ গীতিকাৰ হেমন্ত দত্তৰ মৃত্যুত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোকপ্ৰকাশ কৰে।
তেঁও উল্লেখ কৰে, অসমৰ সাংস্কৃতিক জগতৰ এক উজ্জ্বল প্ৰতিভাৰ কায়িক বিদায়… প্ৰখ্যাত নাট্যকাৰ, গীতিকাৰ, অভিনেতা, চলচ্চিত্ৰ পৰিচালক হেমন্ত দত্তদেৱৰ দেহাৱসানৰ খবৰটো পাই অত্যন্ত শোকাহত হৈছোঁ। বহু কালজয়ী গীত, নাট ৰচনা, ‘উপপথ’ চলচ্চিত্ৰৰ পৰিচালনা তথা অভিনয় দক্ষতাৰে তেও সাংস্কৃতিক ক্ষেত্ৰলৈ আগবঢ়াই থৈ যোৱা অৰিহণা স্মৰণীয় হৈ থাকিব। হে মহীৰূহ, আপোনাৰ বিদেহ আত্মাই সদ্গতি লাভ কৰক, ঈশ্বৰৰ ওচৰত তাৰেই কামনাৰে প্ৰাৰ্থনা জনাইছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা গুণমুগ্ধসকললৈ মোৰ তৰফৰ পৰা গভীৰ সমবেদনা জনালোঁ। ওঁম শান্তি!
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ
