নতুন দিল্লী, ২১ ফেব্ৰুৱাৰী : ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই আজি (বুধবাৰে) মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত দুটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। বিজেপিয়ে নিজৰ এক্স হেণ্ডেলত এই তথ্য শ্বেয়াৰ কৰিছে।
দিনৰ ১২:৫০ বজাত মুম্বাই নিৰ্বাচন পৰিচালনা সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰিব বিজেপি নেতা নড্ডাই। এই সভাখন দাদাৰ ইষ্টৰ বসন্ত স্মৃতি নামৰ স্থানত অনুষ্ঠিত হ’ব।
এক্স হেণ্ডেলত শ্বেয়াৰ কৰা তথ্য অনুসৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নড্ডাই সন্ধিয়া প্ৰায় ৭:৪৫ বজাত কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰিব। এই সন্মিলনখন আন্ধেৰী ইষ্টৰ শ্বেৰ পঞ্জাৱ কলনীৰ বিএমচি খেলপথাৰত অনুষ্ঠিত হ’ব।
