
পুনৰ আগধন নিদিয়াৰ বাবে দুই বছৰেই পোৱা নাই শ্ৰমিকৰ ধন।
দক্ষিণ শালমাৰা মানকাচৰ, ২৮ অক্টোবৰ (হি.স.): দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বাঘাপাৰা গাওঁ পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই সন্দৰ্ভত ন্যায় বিচাৰি এদল ভুক্তভোগীয়ে বৃহস্পতিবাৰে হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্য্যালয়ত এখন লিখিত অভিযোগ দাখিল কৰে ৷
ভুক্তভোগী সকলৰ অভিযোগ বাঘাপাৰা গাওঁ পঞ্চায়তৰ ৮ নং ৱাৰ্ডত পিএমএৱাই আঁচনি গৃহ নিৰ্মানৰ নামত পঞ্চায়ত খনৰ সভাপতি ছলেমন হাজৰিকা, সদস্যা সহিদা বেগম আৰু একাংশ পঞ্চায়তৰ কৰ্মচাৰীয়ে পিএমএৱাই হিতাধিকাৰীৰ পৰা কৌশলেৰে বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰিছে ৷ প্ৰতিজন হিতাধিকাৰীৰ পৰা ৫ৰ পৰা ১২ হাজাৰ কৈ টকা সংগ্ৰহ কৰাৰ অভিযোগ এইসকল নিৰক্ষৰ -দৰিদ্ৰ হিতাধিকাৰীৰ ।
একেদৰে ঘৰ নিৰ্মানৰ পিছত হিতাধিকাৰী সকলে জব কাৰ্ডৰ জৰিয়তে পাবলগীয়া শ্ৰমিকৰ মজুৰিৰ টকা উৎকোচ নিদিয়াৰ বাবে দুই বছৰেও লাভ কৰিব পৰা নাই ধন ৷ হিতাধিকাৰীয়ে গৰু ছাগলী আদি বিক্ৰী কৰিও পঞ্চায়তৰ প্ৰতিনিধিক ঘৰৰ বাবে টকা দিবলগীয়া হৈছে বুলি কালি আবেলি সাংবাদিকৰ আগত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে।
মনকৰিবলগীয়া যে হিতাধিকাৰী সকলে জিলা আয়ুক্তৰ কাৰ্য্যালয়ত অভিযোগ দাখিল কৰাত বাধা প্ৰদানৰ চেষ্টা সভাপতি ছলেমন হাজৰিকাই ৷ হিতাধিকাৰী সকলে সভাপতি গৰাকীৰ বাধাক নেওচি ন্যায় বিচাৰি আয়ুক্তৰ ওচৰত অভিযোগ দাখিল কৰে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
