শোণিতপুৰ, ০৭ এপ্ৰিল: নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমুহে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰিছে। শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তও শোণিতপুৰত তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান। শোণিতপুৰৰ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত বৰজুলি, দুৰুঙ চাহবাগিছা, জামুনবিল, ফুলবাৰী চাহবাগিচা ,লগতে ৰঙাপৰাৰ বিভিন্ন স্থানত বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই নিৰ্বাচনী প্ৰচাৰ চলায়। ৰঞ্জিত দত্তৰ সৈতে উপস্থিত থাকে ৰঙাপৰাৰ বিধায়ক কৃষ্ণকমল তাঁতী।
আনহাতে কংগ্ৰেছৰ নেতা পৱন সিঙ ঘাটোৱাৰে বিজেপি হৃদয়হীন দল বুলি কোৱাৰ প্ৰত্যুত্তৰত ৰঞ্জিত দত্তই সংবাদ মাধ্যমৰ সন্মুখত কয়, এতিয়া পৱন সিং ঘাটোৱাৰৰ কথামতে চাহ জনগোষ্ঠী লোক নচলে তেওলোকে আগতেই চাহ জনগোষ্ঠীয় লোক সকলৰ কথা ভবাহেতেন কংগ্ৰেছৰ এই অবস্থা নহলহেতেন বুলি কংগ্ৰেছক কটাক্ষ কৰাৰ লগতে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰেমলাল গুঞ্জুকো তীব্ৰ সমালোচনা কৰে ৰঞ্জিত দত্তই।
ৰঙাপৰাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ কংগ্ৰেছৰ সভাৰ ফটো মোলৈ লগে লগে আহে,কংগ্ৰেছৰ ভিতৰতেই বিজেপি ভালপোৱা মানুহ আছে, বুলি কংগ্ৰেছক সমালোচনা কৰে শোণিতপুৰ লোকসভাৰ বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই।
