হোজাই ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰীৰ ক’লা বেহা ৷ ডিমাপুৰৰ পৰা প্ৰতিদিনেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহি·ৰাজ্যলৈও সৰৱৰাহ হৈ আছে চোৰাং চুপাৰী ৷ ডিমাপুৰৰ পৰা ভাৰতীয় ৰে’লৰ লগতে ৰাষ্ট্ৰীয় ঘাই পথেৰেও সৰবৰাহ কৰি বাৰ্মিজ চুপাৰীৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে। ইয়াৰ মাজতে যোৱা কালি শুকুৰবাৰে সন্ধিয়া লামডিং ৰেল আৰক্ষীয়ে লামডিঙত জব্দ কৰিছে বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী ৷
উল্লেখ্য় যে একাংশ চোৰাং ব্যৱসায়ীয়ে বিভিন্ন পদ্ধতিৰে ৰে’ল যোগে বিভিন্ন নিষিদ্ধ সামগ্ৰী সৰবৰাহ কৰি আহিছে ৷ এতিয়া ডিমাপুৰৰ পৰা বহি:ৰাজ্যলৈ ৰে’লৰ ডবাৰ পাৰ্চেলত বুকিং হৈ সৰৱৰাহ হয় চুপাৰী ৷ কালি নামনিমুৱা ১৫৯০৩ ডিব্ৰুগড় চণ্ডিগড় এস্কপ্ৰেছ ৰে’লখনৰ পাৰ্চেল ডবাত আহিছিল চুপাৰীখিনি ৷ ৰে’ল আৰক্ষীয়ে ৪০টা বস্তাত প্ৰায় ৩৮ কুইন্টল সন্দেহজনক বাৰ্মিজ চুপাৰী জব্দ কৰে ৷ জব্দ কৰা চুপাৰীখিনৰ বজাৰ মূল্য আনুমানিক প্ৰায় ১২লাখ টকা ৷ প্ৰশ্ন হয় যে ভাৰতীয় ৰেলত কিদৰে বাৰ্মিজ চুপাৰী বুকিং কৰা হয়? ইয়াৰ সৈতে ৰে’ল বিভাগৰ কোনো উচ্চপদস্থ বিষয়া জড়িত হৈ আছে নেকি? সকলো তদন্তৰ পিছত হে পোহৰলৈ আহিব ৷
