কামৰূপ, ১৯ নৱেম্বৰ (হি.স.)। শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাৰ সহধৰ্মীনিৰ দেহাৱসান ।অনাতাঁৰ শিল্পী স্বৰ্ণলতা ডেকা আৰু নাই। শ্ৰী মন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাৰ সহধৰ্মিনী স্বৰ্ণলতা ডেকাৰ বিয়োগ।
যোৱা নিশা ১০:৩৫ বজাত নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে।প্ৰয়াত স্বৰ্ণলতা ডেকা অনাতাঁৰ শিল্পী আছিল।যোৱা কিছু দিন ধৰি অসুস্থ হৈ আছিল।উল্লেখযোগ্য যে আজি শ্ৰী মন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক ৰঙিয়া অধিবেশনৰ লাইখুটা স্থাপন অনুষ্ঠান আছে।লাইখুটা স্থাপন কাৰ্যসূচীটি পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাৰ পৰিৱৰ্তে উপ পদাধিকাৰ চক্ৰধৰ সোণোৱাল দেৱে কৰিব।
হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.
