বৰপেটা, ২০ জুন (হি.স.): অসম বিজেপিৰ ৰাজ্যিক সমিতি গঠন হোৱাৰ পিছতে উপ-সভাপতিৰ দায়িত্ব লাভ কৰা বীজ নিগমৰ অধ্যক্ষ মনোজ বৰুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সভাপতি দিলীপ শইকীয়াক ধন্যবাদ জ্ঞাপন কৰে । কালি বিয়লি বৰুৱাই পাঠশালাৰ হৰিমন্দিৰস্থিত নাট্য মন্দিৰত উপস্থিত হৈ নৱনিযুক্ত উপ-সভাপতি মনোজ বৰুৱাই দলে তেওঁৰ ওপৰত আস্থা ৰখাৰ বাবে শলাগ লয়।
আনহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আগন্তুক ২০২৬ চনৰ নিৰ্বাচন কংগ্ৰেছ কোনো ফেক্টৰেই নহয় বুলি মন্তব্য কৰে । লগতে অতি শীঘ্ৰে বজালীৰ চাৰি সীমা নিৰ্ধাৰণৰ যাৱতীয় কাম-কাজৰ সুমীমাংসা কৰা হ’ব বুলি অৱগত কৰে। যি সময়ত কংগ্ৰেছে গুৱাহাটী ৰাজীৱ ভৱনত মিটিং কৰি থাকে সেই সময়ত বিজেপিৰ কৰ্মকৰ্তাই বুথত কাম কৰি থাকে বুলিও ৰাজ্যিক বিজেপিৰ নবনিযুক্ত উপ-সভাপতি মনোজ বৰুৱাই মন্তব্য কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
