ওদালগুৰি, ০২ মাৰ্চ : ওদালগুৰি জিলাৰ টংলাত শুক্ৰবাৰ বিয়লি প্ৰাক্তন আলফা সমন্বনয়ৰক্ষী সমিতিৰ উদ্য়োগত এখনি জিলা প্ৰতিনিধি সভা অনুষ্ঠিত হয়। টংলাৰ এছ বি হোটেলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সভাখনত প্ৰাক্তন আলফা কেদাৰ সকলৰ জীৱন সু-নিশ্চিত কৰিবলৈ, সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰা হয়।
উক্ত সভাত ওদালগুৰিৰ জিলাৰ প্ৰাক্তন আলফা সমন্বনয়ৰক্ষী সভাপতি তাৰিণী ডেকা, সম্পাদক দেৱকান্ত বৰদলৈ, উপদেষ্টা বিমান কলিতা উপস্থিতি থাকে। লগতে ওদালগুৰি জিলাৰ প্ৰাক্তন আলফা সমন্বনয়ৰক্ষী পুৰণি কমিটি ভংগ কৰি নৰেন্দ্ৰ ডেকাক সাধাৰণ সম্পাদক, দেৱকান্ত বৰদলৈক উপ-সভাপতি হিচাপে নিৰ্বাচিত কৰি ২১ জনীয়া পূৰ্ণাংগ কমিতি এখন গঠন কৰা হয়।
