কামৰূপ, ০৪ নৱেম্বৰ (হি.স.): ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ৰাস মহোৎসৱক লৈ ব্যাপক ব্যস্ততা পৰিলক্ষিত হৈছে।হাজোৰ পশ্চিম বঢ়িগোগ ৰাস মহোৎসৱ ভাগিও সম্পুৰ্ণ কৰি তুলিছে প্ৰস্তুতি। এইবেলি ৰাস মহোৎসৱ খনিয়ে গৰকিব ৰূপালী জয়ন্তী বৰ্ষ। তাকে লৈ সম্পুৰ্ণ ব্যতিক্ৰমী কাৰ্যক্ৰমনিকা গ্ৰহণ কৰা হৈছে।
এই ৰাস মহোৎসৱত প্ৰদৰ্শিত হ’ব গুৰুজনাৰ অমৰ সৃষ্টি অঙ্কীয়া ভাওঁনা ৰাম-বিজয়। ইয়াৰ বাবে বিগত দুমাহ ধৰি এজাক নৱ-প্ৰজন্মক লৈ ভাওঁনাৰ আখৰাত ব্যস্ত মাজুলীৰ ভকত- বৈষ্ণৱ। নামনি অসমত ভাঁওনাৰ প্ৰতি আকৃষ্ট কৰিবলৈ ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰে পশ্চিম বঢ়িঁগোগ ৰাস মহোৎসৱ সমিতিয়ে।
উল্লেখ্য যে নলবাৰী হৰিমন্দিৰ আৰু দামোদৰ ধামসত্ৰ, পাঠশালা, বজালী, টিহু, পাটাছাৰকুছি, শুৱালকুছি, মির্জা, পলাশবাৰী, তামুলপুৰ, বাক্সা, সৰুক্ষেত্ৰী, হাউলী, গুৱাহাটীৰ জাপৰিগোগ, নবীন নগৰ আদি অঞ্চলত ৰাস মহোৎসৱ পালন কৰাৰ বাবে প্ৰস্তুতি চলিছে। নগাঁও আৰু মৰিগাঁও জিলাৰ বিভিন্ন স্থানতো ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
