দৰং, ২০ আগষ্ট (হি.স.)। ছিপাঝাৰৰ বৰ-অঠিয়াবাৰীত সন্ধানহীন এগৰাকী শতবৰ্ষ গৰকা বৃদ্ধ। বিগত দুদিন ধৰি সন্ধানহীন হৈ আছে চমচেৰ চেখ নামৰ ১০৮ বছৰীয়া বৃদ্ধ গৰাকীৰ।
ঘৰৰ পৰা অন্য এঠাইলৈ বুলি গৈছিল বৃদ্ধ জন। ইতিমধ্যে এছ ডি আৰ এফ বাহিনীয়ে স্থানীয় শাকতোলা নদীৰ লগতে দ-পুখুৰীত সন্ধান চলাইছে লোকজনক বিচাৰি। কিন্তু বৰ্তমানলৈ কোনো সম্ভেদ লাভ কৰা নাই লোকজনৰ। পৰিয়ালৰ মাজত হাঁহাকাৰ পৰিবেশ সৃষ্টি হৈছে।ইমান বৃদ্ধ লোকএজন কেনেদৰে ঘৰৰ পৰা বাহিৰলৈ ওলায় যাব পাৰিলে তাক লৈও বিভিন্নজনে এতিয়া সন্দেহ প্ৰকাশ কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
