বঙাইগাঁও, ১৭ অক্টোবৰ (হি.স.): অসম শক্তি বিতৰণ কোম্পানীৰ বঙাইগাঁও বৈদ্যুতিক উপ-সংমণ্ডল-II ৰ মহকুমা অভিযন্তাই জনাইছে যে কিষানবাজাৰত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত উড়নীয়া সেতুৰ নিৰ্মাণ কাৰ্য্য কৰাৰ বাবে আৰু অসম মালাৰ অধীনত পথনিৰ্মাণ কাৰাৰ বাবে পোপৰাগাঁওৰ ৩৩ কিলোভল্ট ফিডাৰৰ স্থানান্তৰনৰ আজি কাম কৰা হ’ব। সেয়েহে আজি বিজনী বৈদ্যুতিক উপ-স্ংমন্ডলৰ অন্তৰ্গত সমূহ অঞ্চলত ৰাতিপুৱা ৬ বজাৰৰ পৰা ৰাতিপুৱা ৮ বজালৈকে দুই ঘন্টাৰ বাবে আৰু আজিৰ পৰা ১৯ অক্টোবৰ ২০২৩ তাৰিখেলৈকে পোপৰাগাঁও, কিষানবাজাৰ, চাপৰাকাটা, ৰৌমাৰী আৰু ঢালীগাঁও অঞ্চলসমূহ ৰাতিপুৱা ৬ বজাৰৰ পৰা ৰাতিপুৱা ৯ বজালৈকে তিনি ঘন্টাৰ বাবে বিদ্যুৎ যোগান বন্ধ থাকিব ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
