-ঔৰংগাবাদ আৰু বেগুছৰাইত ৰাজহুৱা সভা
পাটনা, ০২ মাৰ্চ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি শনিবাৰে বিহাৰ ভ্ৰমণ কৰিব। তেওঁ ঔৰংগাবাদ আৰু বেগুছৰাইত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ভাষণ দিব। এই সময়ছোৱাত তেওঁ আধাৰশিলা স্থাপন কৰাৰ লগতে প্ৰায় ২.২৫ লাখ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰিব। ইয়াৰ ভিতৰত বিহাৰৰ বাবে ৪৮ হাজাৰ কোটি টকাৰ প্ৰকল্প আছে। এই দুয়োখন বৈঠকতে প্ৰধানমন্ত্ৰী মোডীৰ লগতে মুখ্যমন্ত্ৰী নীতিশ কুমাৰো উপস্থিত থাকিব। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় লোক মৰ্চাৰ মুৰব্বী উপেন্দ্ৰ কুশৱাহাও বেগুছৰাইৰ এই সমাৱেশত উপস্থিত থাকিব।
পশ্চিমবংগৰ দুৰ্গাপুৰ বিমানবন্দৰৰ পৰা গয়া বিমানবন্দৰলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ১:৫০ বজাত গয়া বিমানবন্দৰত উপস্থিত হ’ব আৰু ১:৫৫ বজাত হেলিকপ্টাৰেৰে ঔৰংগাবাদলৈ ৰাওনা হ’ব। দুপৰীয়া ২:২৫ বজাত নৰেন্দ্ৰ মোডীয়ে ঔৰংগাবাদত উপস্থিত হ’ব, য’ত দুপৰীয়া ২:৩০ বজাত ঔৰংগাবাদৰ ৰাতনৱা গাঁৱত উপস্থিত হ’ব। আধাৰশিলা স্থাপন কৰি ইয়াত দুপৰীয়া ২:৩০ বজাৰ পৰা বিয়লি ৩:৪৫ বজালৈ বহু আঁচনিৰ উদ্বোধন কৰিব।
বিয়লি ৩:৫৫ বজাত ঔৰংগাবাদ হেলিপেডৰ পৰা পোনপটীয়াকৈ বেগুছৰাইলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী। সন্ধিয়া ৫:১৫ বজাৰ পৰা ৬:৩০ বজালৈ বেগুছৰাইত বহু আঁচনিৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। সন্ধিয়া ৬:৪৫ বজাত হেলিকপ্টাৰেৰে পাটনালৈ ৰাওনা হ’ব আৰু সন্ধিয়া ৭:৩০ বজাত পাটনা বিমানবন্দৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী। নিশা ৯:৩০ বজাত দিল্লী বিমানবন্দৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী।
প্ৰধানমন্ত্ৰীৰ বৈঠকত অংশগ্ৰহণ কৰিব জিতন ৰাম মাঞ্জীয়েও। নীতিশ কুমাৰেও প্ৰধানমন্ত্ৰীৰ সৈতে মঞ্চ ভাগ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে গংগা নদীৰ ওপৰত ছয় লেনযুক্ত দীঘলীয়া দলঙৰ আধাৰশিলা স্থাপন কৰিব। ই হ’ব দেশৰ অন্যতম দীঘলীয়া নদী দলং। তেল আৰু গেছ খণ্ডৰ বহু প্ৰকল্পই বিহাৰৰ যুৱক-যুৱতীসকলক কৰ্মসংস্থাপন প্ৰদান কৰিব। লক্ষণীয় যে প্রধানমন্ত্রী প্রায় ২০ মাহৰ পাছত বিহাৰলৈ আহি আছে ৷
