গোৱালপাৰা, ০৪ মাৰ্চ : চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে কৃষ্ণাইত বন বিভাগৰ অভিযান চলিঠছে ৷ কৃষ্ণাইৰ নিকটৱৰ্তী অসম-মেঘালয় সীমান্তৰ হুদাকোণাত বন বিভাগৰ লোকে টহল দি থকা সময়তে অবৈধ কাঠভৰ্তি পিকআপ বাহনখন জব্দ কৰিবলৈ সক্ষম হয় ৷
প্ৰাপ্ত তথ্য়মতে এমএল ০৮ ডি ৪৯২২ নম্বৰৰ পিকআপ বাহনেৰে মেঘালয়ৰ পৰা গোৱালপাৰা অভিমূখে আহি থকা সময়তে হুদাকোণাত বন বিভাগৰ সৈতে মুখামুখি হয় আৰু চোৰাং কাঠৰ সৈতে পিক্ আপ বাহন খন জব্দ কৰিব লৈ সক্ষম হয়। পিছত জব্দকৃত কাঠৰ সৈতে পিকআপ বাহন খন কৃষ্ণাই বনাঞ্চলিক কাৰ্যালয়লৈ অনা হয় । জব্দকৃত কাঠ সমূহৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৫০ হেজাৰ টকা হ’ব বুলি কোৱা হৈছে ৷
