বাক্সা, ২৭ নৱেম্বৰ (হি.স.): গোৰেশ্বৰত ১২ দিনীয়াকৈ আয়োজন কৰা ৰাসৰ যোৱাকালি দেওবাৰে সন্ধিয়া শুভাৰম্ভণি কৰা হয়। ৬১সংখ্যক ৰাসৰ শুভ উদ্বোধন কৰে বিটিআৰৰ পাৰিষদ পৱিত্ৰ কুমাৰ বড়োৱে। বন্তি প্ৰজ্বলন কাৰ্যসূচীত গোৰেশ্বৰৰ স্থানীয় লোকসকলে অংশগ্ৰহণ কৰে ।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোৰেশ্বৰতো বজাৰ খলাৰ ৰাসস্থলীত বিটিআৰৰ পৱিত্ৰ কুমাৰ বড়োৱে ৰঙা ফিটা কাটি আতচবাজি ফটকা ফুটাই ৰাসৰ শুভ উদ্বোধন কৰে। ১২দিনীয়া ৰাসৰ কাৰ্য সূচীত নাগাৰা নাম প্ৰদৰ্শন, যাদু খেল প্ৰদৰ্শন, স্থানীয় আৰু আমন্ত্ৰিত শিল্পীৰ দ্বাৰা নৃত্য গীত পৰিৱেশন কৰা হ’ব বুলি উদ্যোক্তা সকলে জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
