
গুৱাহাটী, ২৯ জুন (হি.স.)। গৰুখুটি প্ৰকল্পৰ গীৰ গাই তথা পত্নীৰ প্ৰতিষ্ঠানৰ নামত ৰাজসাহাৰ্য্য সন্দৰ্ভত বিতৰ্কৰ মাজত সোমাই পৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাংবাদিকক কৰা দুৰ্ব্যৱহাৰক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয়, ‘‘জয়ন্ত মল্লবৰুৱাই যদি কিবা সাংবাদিকক বেয়াকৈ কৈছে তেওঁ ক্ষমা খোজা উচিত। ময়ো তেওঁক কৈ দিম।’’
মন্ত্ৰীগৰাকীৰ হৈ ক্ষমা বিচাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, ‘‘সৰু মানুহ বুলি যদি কৈছে, বহুত ডাঙৰ ভুল কথা কৈছে। কোনো মানুহ সৰু হ’ব নোৱাৰে।’’ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘জয়ন্ত মল্লবৰুৱাই যদি সঁচাই কিবা কৈছে, ময়ো ক্ষমা খুজিছোঁ। আপোনালোকক বেয়াকৈ কোৱাৰ কোনো অধিকাৰ নাই তেওঁৰ নাই। আপোনালোকে দায়িত্বহে পালন কৰিছে।’
উল্লেখ্য যে বিতৰ্কৰ মাজত সোমাই পৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এক সংবাদ মেলত সাংবাদিক সকলক তলৰ শ্ৰেণীৰ সাংবাদিক বুলি তুচ্ছ-তাচ্ছিল্য কৰি অপমান কৰিছিল। মন্ত্ৰীগৰাকীৰ এই নিকৃষ্ট মানসিকতাক গৰিহণা দি ৰাজ্যজুৰি সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ক্ষমা খোজাৰ দাবী তোলে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
