যোৰহাট, ০৪ মাৰ্চ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগন্তুক অসম ভ্ৰমণক লৈ ব্য়াপক তৎপৰতা চলোৱা পৰিলক্ষিত হৈছে। এই ভ্ৰমণকালতে প্ৰধানমন্ত্ৰীয়ে যোৰহাটত লাচিত বৰফুকনৰ ১২৫ ফুট উচ্চতাৰ প্ৰত্তিমূৰ্তি উদ্মোচন কৰাৰ লগতে মেলেং- মেটেলিত এক বিশাল জন সভা সম্বোধন কৰিব।
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণসূচী অনুসৰি অহা ৮ মাৰ্চৰ পাছবেলা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী যোৰহাট ৰৰৈয়া বিমানবন্দৰত আহি উপস্থিত হ’ব আৰু তাৰ পৰা কাজিৰঙাত নৈশযাপন কৰিব। ৯ মাৰ্চৰ পুৱা কাজিৰঙাত জিপ আৰু হাতী চাফাৰি কৰি পোনে পোনে অৰুণাচললৈ হেলিকপ্টাৰে উৰামাৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। উক্ত দিনাই অৰুণাচল চলৰ পৰা আহি যোৰহাট প্ৰধানমন্ত্ৰী গৰাকীয়ে টীয়কৰ লাহদৈগড়স্থিত মহাবীৰ লাচিত মৈদামত নিৰ্মাণ কৰা সুউচ্চ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিটি উন্মোচন কৰিব। লাচিত বৰফুকনৰ ১২৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উদ্মোচন কৰি মেলেং- মেটেলিত এক বিশাল জন সভা সম্বোধন কৰি নিশা যোৰহাট আৱৰ্তভৱনত নৈশ যাপন কৰিব।
আনহাতে ১০ মাৰ্চত যোৰহাট ৰৰৈয়া বিমানবন্দৰ পৰা প্ৰধানমন্ত্ৰী জনে অসম যাত্ৰা সামৰি উভতি যাব। প্ৰধানমন্ত্ৰী আগমনৰ উপলক্ষে ব্যাপক তৎপৰতা দেখা গৈছে যোৰহাটত। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণসূচী সম্পকে যোৰহাটত জানিবলৈ দিয়ে মন্ত্ৰী পিয়ুজ হাজৰিকাই।
