গুৱাহাটী, ০১ মাৰ্চ (হি.স.)। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি তথা অসমীয়া ঐতিহ্যৰ ধ্বজ্জাবাহী বৃন্দাবনী বস্ত্ৰভাগিৰ কিছু অংশ চিত্ৰণ কৰি ৰাইজৰ প্ৰদৰ্শনৰ বাবে মুকলি কৰা হৈছে। বিশিষ্ট চিত্ৰশিল্পী তথা অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্টুনিষ্ট মুবীন ৰাভাই অংকণ কৰিছে এই বৃন্দাবনী বস্ত্ৰভাগি। বৃহস্পতিবাৰে গুৱাহাটীৰ উলুবাৰীত এই প্ৰদৰ্শনীৰ উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্যকান্ত হাজৰিকাই।
অংকিত বস্ত্ৰভাগিৰ উন্মোচনৰ বাবে আয়োজন কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত সাহিত্য সভাৰ সভাপিতগৰাকীয়ে এই মহান কাৰ্য সম্পন্নৰ বাবে চিন্তা কৰা শান্তিশ্ৰী দত্তক ধন্যবাদ জ্ঞাপন কৰে আৰু এই কৰ্মই আগন্তুক সময়ত সমাজত অসমীয়া কৃষ্টি-সংস্কৃতিৰ ভৰাঁল টনকিয়াল কৰিব বুলি মন্তব্য কৰে। বৃন্দাবনী বস্ত্ৰভাগিৰ কিছু অংশ অংকন কৰি প্ৰদৰ্শনৰ বাবে চিন্তা কৰিছিল শান্তিশ্ৰী দত্তই। বহু সমাজকল্যানমূলক কামৰ সৈতে জড়িত হৈ থকা শান্তিশ্ৰী দত্তক অনুষ্ঠানটোত উপস্থিত থকা সকলো বিশিষ্ট ব্যক্তিয়ে ভূয়সী প্ৰশংসা কৰে।
এই চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠানটিৰ সভাপতিত্ব কৰে ন্যায়াধীশ ধীৰেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে। লগতে লোকনাথ গোস্বামী, হৰিপ্ৰিয়া বাৰুকিয়াল বৰগোহাঁই, সঞ্জীৱ ফুকন, কিশোৰ কুমাৰ দাসৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।
ইফালে বৃন্দাবনী বস্ত্ৰভাগি পুনঃসৃষ্টি তথা অংকন কৰি অন্তৰৰ গভীৰ কোণৰ পৰা শান্তি লাভ কৰা বুলি কয় চিত্ৰশিল্পী মুবীন ৰাভাই। ৩মাহৰো অধিক কষ্ট আৰু একাগ্ৰতাৰে কৰ্ম সম্পাদন কৰি গুৰুজনাৰ এই অসম সৃ্ষ্টিক প্ৰাণ দিয়া বুলি কয় শিল্পীগৰাকীয়ে। ১৮ ফুট বহল আৰু ৮ফুট ওখ এই বিশাল চিত্ৰখনিৰ উন্মোচনীৰ সময়ত আৱেগিক হৈ পৰে শিল্পীগৰাকী।
উল্লেখ্য যে, অসমত এককভাৱে এনে বৃহৎ তথা বিশাল চিত্ৰ এতিয়ালৈকে কোনো শিল্পীয়ে অংকন কৰা নাই। এই দিশৰ পৰা মুবীন ৰাভাই এই মহান কামটিৰ জৰিয়তে এক অভিলেখো ৰচনা কৰিছে।
