কামৰূপ, ০৬ আগষ্ট (হি.স.): দক্ষিণ কামৰূপৰ জোৰশিমুলীৰ মহাবীৰপথাৰ ই এণ্ড ডি মথাউৰিত যোৱাকালি মঙলবাৰে নিশা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷ অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰাৰ মানসেৰে এজন যুৱকক হাত-ভৰি বান্ধি বস্তাত ভৰাই পেলাই থৈ যায় বোকাময় পথত। যুৱক জন টেঁকেলিফুটা (কমলাপুৰ) গাঁৱৰ তায়েব আলীৰ পুত্ৰ আলী আকবৰ বুলি পৰিচয় পোৱা গৈছে।
স্থানীয় লোকে নিশাৰ এন্ধাৰত চিঞৰ-বাখৰ শুনি আগুৱাই যোৱাত ঘটনাস্থলী ত্যাগ কৰে দুৰ্বৃত্তৰ দলটোৱে। পিছত মুমূৰ্ষু অৱস্থাত যুৱকজনক স্থানীয় লোকে উদ্ধাৰ কৰি গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
