ধুবুৰী, ০১ মাৰ্চ : দীৰ্ঘ দিনৰ পৰা বিলাসীপাৰাত সন্ত্ৰাস চলাই অহা এটা বেটাৰী চোৰ আটক হৈছে। বিলাসীপাৰা বিভিন্ন অঞ্চলৰ পৰা ই-ৰিক্সা আৰু ই-ৰিক্সাৰ বেটাৰী চুৰি কৰি চোৰে চলাই আহিছে সন্ত্ৰাস ।
বৃহস্পতিবাৰে নিশাৰ ভাগত বিলাসীপাৰাৰ উদমাৰীত চোৰে এখন ই-ৰিক্সাৰ বেটাৰী চুৰি কৰি থকা অৱস্থাত ৰাইজে হাতে লোটে আটক কৰে চোৰ জনক । পিছত কৰায়ত্ব কৰা চোৰ জনক ৰাইজে লক্ষীগঞ্জ আৰক্ষীক চমজাই দিয়ে। ৰাইজে এজন চোৰক কৰায়ত্ব কৰে যদিও আন এজন চোৰ পলাই যাবলৈ সক্ষম হয় । ধৃতচোৰ জন ইছলাম পুৰৰ জহৰ আলী বুলি জানিব পৰা গৈছে।
সম্প্ৰতি চোৰ জন লক্ষীগঞ্জ আৰক্ষী চকীত সোধা পোছা কৰি থকা হৈছে ।
